শুকুৰবাৰে বাঘজানত নিহত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী দুৰ্লভ গগৈৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হয়। মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত দুৰ্লভ গগৈৰ বাসগৃহত উপস্থিত হয় টিংখং সমষ্টিৰ বিধায়ক বিমল বড়া, অসম পেট্ৰ’কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱা আৰু নাহৰকটীয়াৰ বিধায়ক নৰেন সোনোৱাল। ইয়াৰ পিছতেই বিধায়ক বিমল বড়াই দুৰ্লভৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰাৰ লগতে প্ৰাক্তন অলিম্পিয়ান তছেন বড়াই ‘মৰ চেওঁৰা পতাকাখন’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে। আদ্যশ্ৰাদ্ধৰ দিনটোত আবেগিক হৈ পৰে পৰিয়ালৰ সদস্যসকলৰ লগতে দুৰ্লভৰ সৰ্তীথসকল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 19, 2020, 14:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।