ধৰ্মান্তৰকৰণক লৈ আকৌ সৰৱ হৈছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অন্যতম বিবিধ সংগঠন জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ ৷ বৃহস্পতিবাৰে দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি চুবুৰীয়া ৰাজ্য কেইখনৰ লগতে অসমতো খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন আৰু ধৰ্মান্তৰিত লোক সকলে দ্বৈত সুবিধা গ্ৰহন কৰি থকা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰে ৷
উল্লেখ্য যে, ৰাজ্যৰ ১,৫৪,৩৫৩ গৰাকী গাৰো লোক, ১লাখ ৩৬হাজাৰ বড়ো লোক,৭৫,৮৮৩গৰাকী কাৰ্বি লোক, ৩১,৫৭৩গৰাকী কুকি, ১৩,৯৫৬গৰাকী খাচী লোক, ৯,৮৪৫গৰাকী ৰাভা, ৫,৯৮৪গৰাকী মিছিং, লালুং ২৮০৮, ১৪১৬গৰাকী সোণোৱাল আৰু ১১৪৪গৰাকী ডিমাচা লোক খ্ৰীষ্টান ধৰ্মালম্বী ৷ এই তথ্য ২০১১ৰ লোকপিয়লৰ ৷ "প্ৰলোভনেৰে এই কাম কৰি আছে মিছনেৰীয়ে ৷ আমাৰ মানুহখিনিৰ সৰলতাৰ সুযোগ লৈছে ৷ সকলোতকৈ দুখৰ কথা হ'ল, আমাৰ জনজাতীয় প্ৰতিনিধি সকলে এই কামবোৰত সহায় কৰে ৷ এটা এজেণ্ডা লৈ এই কামবোৰ চলি আছে ৷ কোনোবাই ধৰ্ম সলনি কৰিছে কৰক ৷ কিন্তু স্ব-ধৰ্মটোৰেই বিপক্ষে যাব সেই কথা মানি ল'ব নোৱাৰি ৷ বিদেশী ধৰ্ম এটা গ্ৰহন কৰি জনজাতিৰ মৰ্যাদা কিয় লৈ থাকিব ৷ ঐতিহাসিকভাৱে সুবিধা-বঞ্চিত ভাৰতৰ কিছু জনগোষ্ঠীক দিয়া আনুষ্ঠানিক অভিধা 'অনুসূচিত জনজাতি' যাৰ থাকিব লাগিব ভৌগলিক বিচ্ছিন্নতা, বিশিষ্ট উপভাষা তথা সাংস্কৃতিক পৰিচয়, পৰম্পৰাগত বিচাৰ ব্যৱস্থা, অন্য সমাজৰ লোকৰ সৈতে মিলা-মিচা কৰোঁতে হোৱা দ্বিধাগ্ৰস্ততা আদি বৈশিষ্ট্য ৷ আমি দেখিছোঁ বহুতে ধৰ্ম সলনি কৰি সংখ্যালঘুৰো সুবিধা লৈছে, STৰ সুবিধাও লৈছে ৷ এইবোৰ নচলিব ৷ ধৰ্ম সলনি কৰা জনজাতীয় লোকৰ ST মৰ্যাদা কৰ্তন হ'ব লাগিব ৷ আমি ২৬মাৰ্চত সেয়া বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ ৷"—এইদৰে কয় জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চৰ সহঃ আহ্বায়ক বিনোদ কুম্বাঙে।
এই বিষয়টোক লৈ কিছুদিন ধৰি সৰৱ হৈছে ৰাজ্যিক বিজেপিও ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও কিছুদিন পূৰ্বে আনিছিল খ্ৰীষ্টান মিছনেৰী সমূহৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ ৷ গুৰুতৰ অভিযোগ আনিছিল ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনেও ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 23, 2023, 22:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।