খ্ৰীষ্টান আগ্ৰাসনে মূৰৰ কামোৰণি সৃষ্টি কৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৷ অসম তথা উত্তৰ পূবত ধৰ্মান্তৰকৰণক লৈ চিন্তিত হিন্দুত্ববাদী সংগঠনটো ৷ দেওবাৰে RSSৰ বিবিধ সংগঠন জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চৰ 'দিচপুৰ চলো' কাৰ্যসূচী ৷
পানীৰ তলৰ কাঁইটৰ দৰেই যেন হৈ উঠিছে যেন খ্ৰীষ্টান মিছনেৰী ৷ মিছনেৰীৰ আগ্ৰাসন এনে পৰ্যায় হৈছেগৈ যে ইছলামতকৈ মিছনেৰীক লৈ RSS ৰাজপথলৈ ওলাবলৈ বাধ্য হৈছে ৷ কি পৰ্যায়ত আগ্ৰাসন চলিছে খ্ৰীষ্টান মিছনেৰীৰ? RSS ইমান চিন্তিত হোৱাৰ কাৰণ জানিবলৈ হ'লে বা বিষয়টোৰ গভীৰলৈ যাবলৈ হ'লে দেশ স্বাধীন হোৱাৰ আগলৈ অৰ্থাৎ ১৯০১চনৰ তথ্যলৈ উভতিব লাগিব ৷ স্বভাৱগতভাৱে উত্তৰ পূৰ্বাঞ্চল জনজাতি প্ৰধান অঞ্চল ৷ সেই দিশৰ পৰা উত্তৰপূৰ্বাঞ্চলত ভিন্ন ধৰ্মৰ লোক নাই বুলি ক'লেও অত্যুক্তি কৰা নহ'ব ৷ ১৯০১ত অৰুণাচল প্ৰদেশত নাছিল খ্ৰীষ্টান লোক ৷ সেই অৰুণাচল প্ৰদেশত ১৯৭১ত ০.৭% আৰু বৰ্তমান ৩৯% খ্ৰীষ্টান লোকৰ বসতি ৷ ঠিক একেদৰে ১৯০১চনত ১৩৬গৰাকী খ্ৰীষ্টান লোক থকা ছিকিমত এতিয়া ১৫% খ্ৰীষ্ট ধৰ্মৰ লোক ৷ কেৱল যে অৰুণাচল প্ৰদেশ বা ছিকিমেই নহয় মিজোৰামত ভয়াৱহ আগ্ৰাসন চলিল খ্ৰীষ্টান মিছনেৰীৰ ৷ ১৯০১চনত ৪৫জন খ্ৰীষ্ট ধৰ্মৰ লোক থকা মিজোৰামত আজিৰ সময়ত ৯৫% খ্ৰীষ্ট ধৰ্মৰ লোক ৷ ১০০বছৰত মেঘালয়ত বৃদ্ধি পালে ৭০% খ্ৰীষ্ট ধৰ্মৰ লোক ৷ কিন্তু অসমৰ পৰিৱেশ কেনেকুৱা? RSSৰ ভিতৰুৱা এক সুত্ৰ অনুসৰি ১৯০১ত অসমত ১৩০০খ্ৰীষ্টধৰ্মৰ লোক আছিল ৷ সেই পৰিৱেশৰ পৰা আজি অসমত খ্ৰীষ্টান মিছনেৰীৰ আগ্ৰাসন অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ বৰ্তমান অসমত ১২% খ্ৰীষ্ট ধৰ্মৰ লোকৰ বসতি ৷ পৰিসংখ্যা যদিও অসমত বৰ ভয়াৱহ নহয় কিন্তু শেহতীয়াকৈ যি হাৰত জনজাতিসকলৰ মাজত খ্ৰীষ্টান মিছনেৰীসকলৰ আগ্ৰাসন বাঢ়িছে তাকলৈ বাৰুকৈয়ে চিন্তিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ ৷ তথ্য অনুসৰি ৰাজ্যৰ ১৬% বড়ো লোকে খ্ৰীষ্টান ধৰ্ম ল'লে, ২০% কাৰ্বি লোক খ্ৰীষ্টান ধৰ্মত দিক্ষীত হ’ল, মিছিং সমাজৰ ১৬ৰ পৰা ১৮ হাজাৰ লোকে ল’লে খ্ৰীষ্টান ধৰ্ম ৷ এয়া মাত্ৰ কেইটামান উদাহৰণহে৷ ৰাজ্যৰ কেৱল জনজাতিসকলহে যে খ্ৰীষ্ট ধৰ্মত দিক্ষীত হৈছে এনে নহয় মূলসুঁতিৰ বুলি দাবী কৰা বহু অসমীয়াইও ল’লে খ্ৰীষ্ট ধৰ্ম ৷ এনেবোৰ কাৰনতেই আৰ এছ এছৰ বিবিধ সংগঠন জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ দিছপুৰ চলো কাৰ্যসূচী দেওবাৰে অৰ্থাৎ কাইলৈ ৷ খানাপাৰাত বিশাল জনজাতীয় সমাৱেশৰ আহ্বান কৰিছে সংগঠনটোৱে ৷ উদ্দেশ্য এটাই জনজাতিৰ ধৰ্মান্তৰকৰণ ৰক্ষা আৰু ধৰ্মান্তৰিত হৈ জনজাতি মৰ্যদা ভোগ কৰাসকলৰ পৰা অধিকাৰ কাঢ়ি অনা ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 25, 2023, 22:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।