মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাগীৰোডলৈ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ ঘোষণা কৰাৰ পিছতে এইবাৰ জাঙুৰ খাই উঠিছে জনগোষ্ঠীয় সংগঠনসমূহ। চৰকাৰৰ এই ঘোষণাৰ বিৰোধিতাৰে সোণাপুৰত আজি সদৌ অসম ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলাৰ আহ্বান মৰ্মে ডিমৰীয়া জিলা জনজাতি সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভা ।
ডিমৰীয়া জিলা জনজাতি সংঘৰ সভাপতি ৰত্নেশ্বৰ ৰংহাঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাত খিলঞ্জীয়াৰ ভূমি অধিকাৰ খৰ্ব হ'ব পৰা কোনো কাৰ্যই গ্ৰহণযোগ্য নহ'ব বুলি হুংকাৰ প্ৰদান কৰে সভাত অংশগ্ৰহণ কৰা কেইবাগৰাকীও জনগোষ্ঠীয় নেতাই। উল্লেখ্য যে , ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ হ'লে জনজাতীয় আবেষ্টনীত থকা লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব হ'ব বুলি আশংকা প্ৰকাশ কৰি এই কাৰ্য কোনো প্ৰকাৰেই মানি লোৱা নহ'ব বুলি মন্তব্য প্ৰকাশ কৰে।
আনহাতে ইয়াৰ সম্পূৰ্ণ বিৰোধিতাৰে অহা ১৯ জুলাইত সমূহ দল-সংগঠন আৰু ৰাইজৰ সহযোগত সোণাপুৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হ'ব বুলি আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। পৰবৰ্তী পৰ্যায়ত চৰকাৰে ৰজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ এই সিদ্ধান্ত বাতিল নকৰিলে আন্দোলন অধিক তীব্ৰতৰ হ'ব বুলি আজি অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণকাৰী দল-সংগঠনৰ নেতাই হুংকাৰ প্ৰদান কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|