সোণাপুৰত ট্ৰাইবেল ব্লকৰ ভূমিত বণিক গোষ্ঠীৰ অবৈধ দখলৰ অভিযোগ ৷ খিলঞ্জীয়া জনজাতীয় আবেষ্টনিৰ ভূমি অবৈধভাৱে জালিয়াতিৰে বেদখল কৰি জধে–মধে গঢ়ি তোলা হৈছে বৃহৎ উদ্যোগ ৷
অসম ভূমি আৰু ৰাজহ আইন ১৮৮৬ৰ দশম অধ্যায়ৰ অধীনত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ ভূমি সুৰক্ষাৰ বাবে গঠিত ট্ৰাইবেল বেল্ট ব্লক এতিয়া গভীৰ সংকটত। এনে পৰিপ্ৰেক্ষিতত আজি জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে ডিমৰীয়া জিলা জনজাতি সংঘৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি সমিতিৰ মুখ্য আহ্বায়ক ৰমেন কাঠাৰ, সাধাৰণ আহ্বায়ক স্বপন ৰামদেই কয় যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টত সাংঘাতিতভাৱে চলিছে ভূমি জালিয়াতিৰে অবৈধ দখল (Illegal industries set up on tribal belt land)।
অবৈধভাৱে বৃহৎ বৃহৎ কল–কাৰখানা গঢ়ি বহিৰাগত একাংশ লোকে বিভিন্ন কৌশলেৰে শ শ বিঘা মাটি হস্তগত কৰি ব্যৱসায় প্ৰতিষ্ঠান গঢি তুলিছে জনজাতীয় আবেষ্টনি অঞ্চলত ৷ কিন্তু নিৰ্দিষ্ট ভূমি নীতি আইন থকাৰ পিছটো প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে ৷
ট্ৰাইবেল বেল্ট ব্লকৰ পৰা বেদখলকাৰী আৰু অবৈধ কল–কাৰখানা উচ্ছেদৰ বাবে পূৰ্বে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে দাবী জনাই আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷
ইপিনে বনাঞ্চল আৰু বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা জনজাতি লোকসকলক ভূমিস্বত্ব দিয়াৰ পৰিৱৰ্তে উচ্ছেদহে কৰা পৰিলক্ষিত হৈছে ৷ এনে কাৰ্যক কোনো কাৰণতে জনজাতীয় ৰাইজ তথা জনজাতীয় সংগঠনসমূহে সহ্য নকৰে বুলি মত প্ৰকাশ কৰে সংগঠনটোৱে ৷
সংবাদ মেলত জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উপদেষ্টা তপন কাঠাৰে কয় যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টত চিমেন্ট কোম্পানীকে ধৰি শ শ বিঘা ভূমি দখলেৰে আন উদ্যোগ স্থাপনেৰে খিলঞ্জীয়া লোকক শোষন–বঞ্চনা কৰি আহিছে ৷
বণিক গোষ্ঠীৰ এই অবৈধ কাৰ্যক সহ্য নকৰে জনজাতীয় সংগঠনে ৷ এনে অবৈধ উদ্যোগ শীঘ্ৰে উচ্ছেদৰ দাবী জনাইছে ৷ এই ক্ষেত্ৰত ট্ৰাইবেল বেল ব্লক সুৰক্ষিত কৰা, ভূমিপুত্ৰ জনজাতিসকলক মাটিৰ পট্টা প্ৰদান কৰা, জনজাতীয় আবেষ্টনিত অবৈধভাবে গঢ়ি তোলা উদ্যোগ উচ্ছেদৰ দাবী জনায় সংবাদ মেলযোগে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|