• Home
  • »
  • News
  • »
  • assam
  • »
  • Tribal Belt: জনজাতিয় সংগঠনে ২১ জুনত কঁপাব দিছপুৰৰ ডিমৰীয়া

Tribal Belt: জনজাতিয় সংগঠনে ২১ জুনত কঁপাব দিছপুৰৰ ডিমৰীয়া

প্ৰথম কাৰ্যসূচী হিচাপে অহা ২১ জুনত  সোনাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সংবাদমেলত জানিব দিয়ে জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে।

প্ৰথম কাৰ্যসূচী হিচাপে অহা ২১ জুনত  সোনাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সংবাদমেলত জানিব দিয়ে জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে।

প্ৰথম কাৰ্যসূচী হিচাপে অহা ২১ জুনত  সোনাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সংবাদমেলত জানিব দিয়ে জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে।

  • Share this:
দক্ষিণ কামৰূপ ট্রাইবেল বেল্টত (Trbal Belt) সংঘটিত হোৱা ব্যাপক বেদখল আৰু অবৈধ কল-কাৰখানা উচ্ছেদ কৰা আৰু বন অধিকাৰ স্বীকৃতি আইন, ২০০৬ কাৰ্যকৰী কৰি জনজাতি সকলক ভূমি পট্টা (Land Patta) প্ৰদান কৰাৰ দাবী  উত্থাপন কৰিছে  জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ  ডিমৰীয়া জিলা সমিতিয়ে।

এক সংবাদমেলত সমিতিৰ বিষয়ববীয়া সকলে কয় যে অসম ভূমি আৰু ৰাজহ আইন ১৮৮৬-ৰ দশম অধ্যায়ৰ অধীনত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ ভূমি সুৰক্ষাৰ বাবে গঠিত ট্রাইবেল বেল্ট ব্লক সমূহ আজি সংকটৰ গৰাহত। আনহাতে লাখ লাখ বিঘা মাটিত ব্যাপক হাৰত অবৈধ বেদখল সংঘটিত হৈছে। অসুৰক্ষিত শ্ৰেণীৰ লোকে প্ৰশাসনৰ লোকেৰে মিলিত হৈ বিভিন্ন কৌশলেৰে শ শ বিঘা মাটি হস্তগত কৰি অবৈধ ভাবে কল- কাৰখানা নিৰ্মাণ কৰিছে। নিৰ্দিষ্ট আইন থকাৰ পিছতো প্রশাসনে চকু মুদা কুলিৰ ভাঁও দি আছে।

সদৌ অসম ট্রাইবেল সংঘ আৰু জনজাতীয় সংগঠন সমূহেদীৰ্ঘদিন ধৰি দাবী জনাই অহা স্বত্ত্বেও চৰকাৰে ট্ৰাইবেল বেল্ট/ব্লকৰ পৰা বেদখলকাৰী আৰু অবৈধ কল-কাৰখানা উচ্ছেদ কৰিবৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰি অসম ভূমি আৰু ৰাজহ আইন ১৮৮৬ দশম অধ্যায় আজি ধোঁৱা চাঙত বুলি মন্তব্য কৰে। আনহাতে, অনুসূচীত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী (বন অধিকাৰ স্বীকৃতি) আইন ২০০৬ মতে ২০০৫ চনৰ ১৩ ডিচেম্বৰ তাৰিখৰ আগৰে পৰা বনাঞ্চল আৰু বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা জনজাতি বনবাসীক ভূমিস্বত্ব দিয়াতো বাধ্যতামূলক। কিন্তু ৰাজ্য চৰকাৰৰ সদিচ্ছা নথকা হেতু জিলা উপায়ুক্ত আৰু বন সংমণ্ডল বিষয়াসকলে নাটক কৰি যুগ যুগ ধৰি বনাঞ্চলত বসবাস কৰি থকা জনজাতিসকলক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে। ফলত বনবাসী জনজাতি সকল বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ লগতে অনিশ্চয়তাত দিন কটাইছে বুলি অভিযোগ কৰে।

এনে চৰকাৰী বঞ্চনাৰ ওৰ পেলাই জনজাতিসকলৰ ভূমিৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে অসমৰ জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি অসমে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে অহা ২১ জুনত  সোনাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সংবাদমেলত জানিব দিয়ে।

জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ ডিমৰীয়া জিলা সমিতিৰ মুখ্য আহ্বায়ক ৰমেন কাঠাৰ, সাধাৰণ আহ্বায়ক স্বপন ৰামদে, বিষয়ববীয়া যদুমনি বড়ো, তপন কাঠাৰকে মুখ্য কৰি কেইবাজনো বিষয়ববীয়াই অংশ গ্ৰহণ কৰি সংবাদমেল সম্বোধন কৰি কয় অসম চৰকাৰে প্ৰদ্যুত কুমাৰ বৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা জনস্বার্থ জড়িত Case No. PIL 78/2012 সন্দৰ্ভত আদালতে দিয়া ৰায়দানক মান্যতা দিয়াৰ লগতে শীঘ্ৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি ট্রাইবেল বেল্ট/ব্লক সমূহত সংঘটিত হোৱা অবৈধ বেদখল, অবৈধ কল কাৰখানা উচ্ছেদ কৰাৰ দাবী জনোৱাৰ লগতে ভূমিপুত্র জনজাতি সকলক মাটিৰ পট্টা প্ৰদান কৰাৰ চৰকাৰী প্ৰতিশ্ৰুতিৰ বিপৰীতে জনজাতি সকলকহে টাৰ্গেট কৰি উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হোৱা বুলি অভিযোগ কৰে সংবাদমেলত।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি