• Home
  • »
  • News
  • »
  • assam
  • »
  • শালনিক পাতিলে ভাতৃ, ব্যতিক্ৰমী ৰূপত ৰাখী বন্ধন উদযাপন দুধনৈৰ এই গাঁৱৰ মহিলাসকলৰ

শালনিক পাতিলে ভাতৃ, ব্যতিক্ৰমী ৰূপত ৰাখী বন্ধন উদযাপন দুধনৈৰ এই গাঁৱৰ মহিলাসকলৰ

এই বনাঞ্চলখন হৈছে বন্যহস্তীৰ অন্যতম বাসস্থল, এই বনাঞ্চলখনে সুৰক্ষা দিয়ে বন্যহস্তীক লগতে মানুহকো।

এই বনাঞ্চলখন হৈছে বন্যহস্তীৰ অন্যতম বাসস্থল, এই বনাঞ্চলখনে সুৰক্ষা দিয়ে বন্যহস্তীক লগতে মানুহকো।

এই বনাঞ্চলখন হৈছে বন্যহস্তীৰ অন্যতম বাসস্থল, এই বনাঞ্চলখনে সুৰক্ষা দিয়ে বন্যহস্তীক লগতে মানুহকো।

  • Share this:

আজি পৱিত্ৰ ৰাখী পূৰ্ণিমা৷ ভাতৃৰ হাতত ৰঙীন ৰাখী বান্ধি ভগ্নীসকলে তেওঁলোকৰ ভাতৃসকলৰ সমৃদ্ধি আৰু দীৰ্ঘজীৱনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ৷ ভাইসকলেও তেওঁলোকৰ ভগ্নীসকলক সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতি দিয়ে আৰু দিয়ে উপহাৰো ৷ আজি ভাতৃ-ভগ্নীৰ এই দিনটোত ব্যতিক্ৰমীভাৱে ৰাখী বন্ধন  উৎসৱ পালন কৰিলে দুধনৈৰ শিলৰবড়ি গাঁৱৰ কেইগৰাকীমান মহিলা, শিশুৱে ৷


“গছ থাকিলেহে মানুহ থাকিব” এই কথা সাৰোগত কৰি  নিজৰ ভাতৃৰ হাতত ৰাখী বন্ধাৰ উপৰি গাঁওখনৰ গাতে লাগি থকা শালগছেৰে ভৰা এখন বনাঞ্চললৈ গৈ প্ৰতিডাল গছকে ৰাখী বান্ধে ৷


গছত ৰাখী বন্ধাৰ মূল কাৰণ ব্যক্ত কৰি মহিলাসকলে কয়– 'আমি নিজৰ ককাইদেউ বা নিজৰ ভাইটিক অকল ভাতৃ মনাই নহয় বৰং এই বনাঞ্চলত থকা বিভিন্ন গছৰ লগতে শালগছকেইডালো আমাৰ ভাতৃসম৷ কিয়নো এই গছকেইডালে হ'ল আমাৰ জীৱনৰ চালিকাশক্তি৷ অক্সিজেন যোগান ধৰি আমাক ৰক্ষা কৰি থকাৰ উপৰি এই বনাঞ্চলখন হৈছে বন্যহস্তীৰ অন্যতম বাসস্থল৷ এই বনাঞ্চল খনে সুৰক্ষা দিব বন্যহস্তীক ৷ গাঁওসমূহত হ্ৰাস পাব বন্যহস্তীৰ উপদ্ৰৱ ৷'


প্ৰকৃতিক ভাতৃ ৰূপে কল্পনা কৰি এই গছবোৰকে আজি এই পৱিত্ৰ দিনটোত ৰাখী বান্ধি গছ আৰু মানুহৰ মাজৰ এনাজৰীডাল আৰু মজবুত কৰে। তেওঁলোকৰ মতে, মানুহে গছ ৰোপণ কৰক ৷ ৰাখী বন্ধাৰ পিছতে সাধাৰণতে ভাতৃয়ে ভগ্নীক যিদৰে উপহাৰ আৰু আশীৰ্বাদ দিয়ে, ঠিক একেদৰে এই গছবোৰেও দিব নিৰ্ভেজাল অক্সিজেনৰ ৷


উল্লেখ্য, বনাঞ্চলসমূহ মানুহে ধ্বংস নকৰি সংৰক্ষণ কৰক, সেই কথা আগত ৰাখিয়ে আৰু মানুহৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই বিশেষ ৰাখী বন্ধনৰ কাৰ্যসূচী ৰূপায়ণ কৰে গাঁওখনৰ মহিলাসকলে ৷ যোৱা কেইবাটাও বছৰ ধৰি স্থানীয় ৰাইজে এই বনাঞ্চলত থকা শালগছসমূহ সংৰক্ষণ কৰি অহাৰ লগতে নিজৰ সন্তানৰ দৰেই লালন–পালন কৰি আহিছে ৷


আজিৰ দিনত চাৰিওফালে অবাধ হাৰত যিদৰে বনাঞ্চলসমূহ ধ্বংস হ’বলৈ ধৰিছে, চোৰাং ব্যৱসায়ীৰ হাতোৰা পৰিছে, তাৰ বিপৰীতে ৰাইজে ৰক্ষণাবেক্ষণ দিয়া এই বনাঞ্চলখনে ৰাইজক বহু ধৰণে সহায়ো কৰি আছে ৷

Published by:Gautam Barman
First published: