অৰুপজ্যোতি শইকীয়াক সন্মানৰে আচৰণ কৰক, এই দাবীৰে NIAক পত্ৰ প্ৰেৰণ দেশৰ আগশাৰীৰ বুদ্ধিজীৱীৰ

News18 Assam | News18-Assam
Updated:February 20, 2020, 1:01 PM IST
অৰুপজ্যোতি শইকীয়াক সন্মানৰে আচৰণ কৰক, এই দাবীৰে NIAক পত্ৰ প্ৰেৰণ দেশৰ আগশাৰীৰ বুদ্ধিজীৱীৰ
শইকীয়াক নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অসম গঢ় লোৱা প্ৰতিবাদৰ সংক্ৰান্তত সোধা পোছা কৰিবলৈ চমন প্ৰেৰণ কৰিছিল তদন্তকাৰী সংস্থা?

শইকীয়াক নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অসম গঢ় লোৱা প্ৰতিবাদৰ সংক্ৰান্তত সোধা পোছা কৰিবলৈ চমন প্ৰেৰণ কৰিছিল তদন্তকাৰী সংস্থা?

  • Share this:
দেওবাৰে দেশৰ আগশাৰীৰ শিক্ষাবিদ আৰু বুদ্ধিজীৱীৰ এটা দলে আই আই টি গুৱাহাটীৰ শিক্ষক অৰুপজ্যোতি শইকীয়াক সন্মানৰে আচৰণ কৰাৰ দাবী জনাই পত্ৰ প্ৰেৰণ কৰে এন আই এ লৈ। লগতে তদন্ত প্ৰক্ৰিয়াৰ সময়চোৱাত তেওঁৰ শৈক্ষিক কাম কাজত যাতে ব্যাঘাত নজন্মে এই দিশৰ প্ৰতি দৃষ্টি ৰাখিবলৈ দাবী জনায় শিক্ষাবিদ আৰু বুদ্ধিজীৱী কেইগৰাকীয়ে । উল্লেখযোগ্য যে শনিবাৰে সংস্থাটোৰ সোনাপুৰত অৱস্থিত আঞ্চলিক কাৰ্যালয়ত শইকীয়াক ৪ ঘণ্টা জেৰা কৰা হৈছিল। শইকীয়া আই আই টি গুৱাহাটীৰ সমাজ বিজ্ঞান বিভাগৰ বুৰঞ্জীৰ অধ্যাপক ।

পত্ৰ খনত স্বাক্ষৰ কৰা বুদ্ধিজীৱীসকল হৈছে ৰামচন্দ্ৰ গুহ, প্ৰতাপ ভানু মেহতা, নন্দিনী সুন্দৰ, নিবেদিতা মেনন, এআৰ ভেংকটচালাপথি আৰু শ্ৰীনাথ ৰাঘৱন।
পত্ৰ খনত লিখা হৈছে শইকীয়াৰ অসম তথা সমগ্ৰ দেশৰে বৌদ্ধিক ক্ষেত্ৰত অৱদান লেখত লবলগীয়া আৰু তেওঁ অতিশয় শান্ত প্ৰকৃতিৰ, সৰল আৰু নৈতিক মূল্যবোধৰ অধিকাৰী; ছাত্ৰ ছাত্ৰীৰ প্ৰতি তেওঁৰ দায়বদ্ধতা অতিশয় গভীৰ ।

এনে এজন ব্যক্তিক তদন্তৰ কাৰণে চমন জাৰি কৰাৰ কাৰ্যক তীব্ৰ গৰিহণা দিছে বুদ্ধিজীৱী কেইজনে। লগতে তেওঁক অতি সন্মান সহকাৰে আচৰণ কৰিবলৈও দাবী জনাই তেওঁলোকে। পত্ৰত শইকীয়াৰ গৱেষণাক য়েল বিশ্ববিদ্যালয়ে স্বীকৃতি প্ৰদান কৰিছে বুলিও উল্লেখ কৰা হয়।
ডিচেম্বৰ মাহত অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ নাগৰিকত্ব সংশোধনী বিধেয়ক/আইন বিৰোধী আন্দোলনত ৰাজ্যৰ এজন আগশাৰীৰ শিক্ষাবিদ জড়িত আছে বুলি মন্তব্য কৰিছিল ।
আৰু চাওক
পৰৱৰ্তী বাতৰি