চৰকাৰে ৰেপিড’ সেৱা কৰা নাই, কিন্তু...., ৰেপিড’ সন্দৰ্ভত কি ক’লে পৰিবহণ মন্ত্ৰীয়ে?

News18 Assam | News18-Assam
Updated:February 26, 2020, 7:30 PM IST
চৰকাৰে ৰেপিড’ সেৱা কৰা নাই, কিন্তু...., ৰেপিড’ সন্দৰ্ভত কি ক’লে পৰিবহণ মন্ত্ৰীয়ে?
ফাইল ফটোঃসংগ্ৰহ ইণ্টাৰনেট

আমি বিষয়টো চালি–জাৰি চাবলৈ দিছো।

  • Share this:
হাজাৰ হাজাৰ ৰেপিড’ চালকলৈ স্বস্তি!  চৰকাৰে বন্ধ কৰা নাই ৰেপিড' সেৱা। এই কথা জনালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

চৰকাৰে বাইক সেৱা বন্ধ কৰা নাই,পৰিবহন বিভাগেহে এই সেৱা বন্ধ কৰিছিল বুলি মন্তব্য কৰে মন্ত্ৰীয়ে। তেওঁ কয়,  মটৰ আইন মতে চালকসকল চলিবই লাগিব,পথ সুৰক্ষাত গুৰুত্ব দিব লাগিব।

ৰেপিড’ৰ চালক আৰু যাত্ৰীয়ে হেলমেট পৰিধান কৰা বাধ্যতামূলক বুলি কয় মন্ত্ৰীয়ে।

শীঘ্ৰে মটৰ আইনৰ আওতালৈ আহিব ৰেপিড’, এই কথা কয় মন্ত্ৰী পাটোৱাৰীয়ে। লগতে বাণিজ্যিক পঞ্জীয়ন হোৱাৰ লগে লগে হালধীয়া নম্বৰ প্লেট লগাব লাগিব ৰেপিড’ই।যেতিয়ালৈকে মটৰ ভেহিকল সংশোধনী বিল পাছ নহয় তেতিয়ালৈকে ব্যক্তিগত পঞ্জীয়ন নম্বৰ প্লেটেৰে চলাই থাকিব পাৰিব ৰেপিড’।

মন্ত্ৰীয়ে লগতে স্পষ্ট কৰি দিয়ে DTOক কোনোবা কাৰ্যালয় বন্ধ কৰি দিয়াৰ অধিকাৰ দিয়া হোৱা নাই। ডিটিঅ’ই নীতি নিৰ্ধাৰণ নকৰে,চৰকাৰেহে কৰে। ডিটিঅ’ৰ সিমান ক্ষমতা নাই।আয়ুক্তক নিৰ্দেশ দিছো এই ঘটনা চালি জাৰি চাবলৈ। মন্ত্ৰীয়ে কয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি