‘এতিয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত টীম অসমে দিনে নিশাই কাম কৰিছে’- সংবাদমেলত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বহু গুৰুত্বপূৰ্ণ মন্তব্য

News18 Assam | News18-Assam
Updated:April 26, 2020, 1:57 PM IST
‘এতিয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত টীম অসমে দিনে নিশাই কাম কৰিছে’- সংবাদমেলত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বহু গুৰুত্বপূৰ্ণ মন্তব্য
সংবাদমেলত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বহু গুৰুত্বপূৰ্ণ মন্তব্য

সংবাদমেলত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বহু গুৰুত্বপূৰ্ণ মন্তব্য

  • Share this:
কোৰোণা ভাইৰাছৰ বিৰুদ্ধে এতিয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত টীম অসমে কাম কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰতিটো বিভাগে তৎপৰ হৈছে।  স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ পৰা চিকিৎসক,নাৰ্চ,আশা কৰ্মী,এম্বুলেন্সৰ চালকলৈকে সকলো ধন্যবাদৰ পাত্ৰ। সংবাদমেল সম্বোধন কৰি এই মন্তব্য পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।

মন্ত্ৰীৰ সংবাদমেলৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য-


  • বৰপেটাৰ পৰা কৃষিজাত সামগ্ৰী বহিঃৰাজ্যলৈ গৈছে।

  • দহ টনকৈ কৃষিজাত সামগ্ৰী চাৰ্টাৰ প্লেন যোগে বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰা হ'ব।

  • পৰিবহণ বিভাগে ল’ক ডাউনৰ সময়ত স্পেছিয়েল প্লেন আৰু ৰে'লত অহা ২৮হাজাৰ লোকক নিজ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিছিল।

  • মালবাহী ৩৫৭খন ৰে'লত অসমলৈ সামগ্ৰী আহিছে। ২৮টা ঠাইত বস্তুবোৰ নমোৱা হৈছে। ১৫হাজাৰ ট্ৰাক ইয়াত ব্যৱহৃত হৈছে। ৩৩হাজাৰ শ্ৰমিক ইয়াত জড়িত হৈছে। ৪লাখ ৭০হাজাৰ মেট্ৰিক টন চাউল আহিছে।


  • চুবুৰীয়া ৰাজ্য সমূহলৈও অত্যাৱশ্যকীয় সামগ্ৰী পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে।

  • ৩১মাৰ্চত গাড়ীৰ কাগজ লাইচেন্সকে ধৰি ম্যাদ শেষ হৈছে, সেইসকলে চিন্তা কৰিব নালাগে ৷ ৩০জুনলৈকে ৰেহাই দিয়া হ'ব।

  •  ASTC ৰ বাছ, সৰু গাড়ীৰ বিভিন্ন ঠাইত ব্যৱহাৰৰ ব্যৱস্থা কৰি দিছে আমাৰ বিভাগে।

  • ২২-২৪ এপ্ৰিলৰ ভিতৰত প্ৰায় ১লাখ ১১হাজাৰ মানুহক ঘৰলৈ যোৱাত পৰিবহণ বিভাগে সহায় কৰিছে।

  • কৰিমগঞ্জলৈ মাত্ৰ ৪ জন মানুহ যাব লগা আছিল, কিন্তু তেওঁলোককো এখন বাছেৰে পঠিয়াই দিয়া হৈছে।

  • ৬৮৭ খন বাছ দিয়া হৈছে আজিৰ দিনটোত।

  • মণিপুৰ, মিজোৰামক মেডিচিনৰ প্ৰয়োজন হৈছিল..আমি ট্ৰাকেৰে মেডিচিন পঠিয়াইছো।

Published by: Himangshu Bhuyan
First published: April 26, 2020, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading