• Home
  • »
  • News
  • »
  • assam
  • »
  • পুনৰ কাৰ্যক্ষম হ’ব বিকল হৈ থকা শ শ বাছ, বিকল হৈ পৰি থকা বাছ মেৰামতি কৰিব পৰিবহণ বিভাগে

পুনৰ কাৰ্যক্ষম হ’ব বিকল হৈ থকা শ শ বাছ, বিকল হৈ পৰি থকা বাছ মেৰামতি কৰিব পৰিবহণ বিভাগে

মেৰামতিৰ অভাৱত থকা বিকল হৈ থকা বাছসমূহ চোৱা-চিতাৰ বাবে অসম ৰাজ্যিক পৰিবহন বিভাগে দায়িত্ব দিয়াৰ চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ নিবনুৱা সকলক।

  • Share this:
ৰাজ্যত এতিয়াও বিকল হৈ আছে অসম ৰাজ্যিক পৰিবহন বিভাগৰ তত্বাৱধানত থকা কেইবা শতাধিক বাছ। মেৰামতিৰ অভাৱৰ বাবে জহি-খহি যাবলৈ লৈছে এই বাছসমূহ। মাৰ্চিৰ্ডিজ, বৈদ্যুতিক বাছকে ধৰি ৰাজ্যৰ বিভিন্ন বাছ আস্থানৰ ৫০০ৰো অধিক বাছ এতিয়া বিকল অৱস্থাত।ইয়াৰে ২০০ৰো অধিক বাছ আছে গুৱাহাটী মহানগৰীত। এই বাছসমূহ মেৰামতিৰ বাবে প্ৰয়োজন হ’ব আঠ কোটি টকা। মৃতপ্ৰায় এই বাছসমূহ কাৰ্যক্ষম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে।

মেৰামতিৰ অভাৱত থকা বিকল হৈ থকা বাছসমূহ চোৱা-চিতাৰ বাবে অসম ৰাজ্যিক পৰিবহন বিভাগে দায়িত্ব দিয়াৰ চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ নিবনুৱা সকলক। নিবিদাৰ জৰিয়তে নিবনুৱাসকলে লাভ কৰিব এই সুবিধা। যাৰ বিনিয়মত মেৰামতি কৰা বাছসমূহৰ পৰা প্ৰতিদিনে গৰাকীয়ে দিব লাগিব দৈনিক উপাৰ্জনৰ পৰা ধন।

ইয়াৰোপৰি, ব্যক্তিগত খণ্ডৰ বাছসমূহ স্বত্বাধিকাৰীয়ে অসম ৰাজ্যিক পৰিবহন বিভাগৰ তত্বাৱধানত দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। লগতে, এই বর্ষত ব্যক্তিগতভাৱে অসম ৰাজ্যিক পৰিবহন বিভাগে ক্ৰয় কৰিব ২০০ৰো অধিক ইলেট্ৰিক বাছ। উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীৰ বাছ আস্থানসমূহত মাতৃৰ খোৱাপানীৰ লগতে মাতৃ আৰু সন্তানৰ বাবে বিশেষ ব্যৱস্থা ল’ব এ এছ টি চিয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি