যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে শেহতীয়াকৈ এখন গাড়ীৰ পৰাই সৰ্বাধিক কৰ সংগ্ৰহ কৰি একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে। যোৰহাটৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে এখন বিশেষ ট্ৰাকৰ পৰা কৰ হিচাপে আদায় কৰিছে 47 লক্ষাধিক টকা।
বিশেষ বাহনৰ শ্ৰেণীত পৰা এখন কম্প্ৰেছৰ ইনষ্ট্ৰুমেন্ট ভেহিকলৰ পৰা যোৰহাটৰ পৰিবহণ বিভাগে 47 লাখ 24 হাজাৰ 299 টকা পথকৰ হিচাপে সংগ্ৰহ কৰিছে। উল্লেখ্য, উক্ত গাড়ীখন সাধাৰণ মাল কঢ়িওৱা ট্ৰাক হিচাপে শ্ৰেণীভুক্ত কৰি 2014 চনৰ পৰাই তেলখাদত ব্যৱহাৰ কৰি অহা হৈছিল। গাড়ীখনৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰি যোৰহাটৰ পৰিবহণ বিভাগে এই বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
এই ঘটনাৰ সমান্তৰালভাৱে অনুসন্ধানত পোহৰলৈ আহিছে আন এক গুৰুত্বপূৰ্ণ তথ্য। অ'এনজিচিৰ দৰে প্ৰতিষ্ঠানৰ অধীনত চলি থকা বৃহৎ সংখ্যক গাড়ীয়ে কোটি টকাৰ কৰ ফাঁকি দি অহাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ এক অনুসন্ধানত।
এই সন্দৰ্ভত অ'এনজিচিৰ 129খন বিভিন্ন শ্ৰেণীৰ বাহনে চৰকাৰক দিবলৈ থকা কৰৰ বিষয়ে উল্লেখ কৰি অ'এনজিচি কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰিছে যোৰহাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে। অ'এনজিচিৰ অধীনত চলি থকা এই বৃহৎ সংখ্যক গাড়ীয়ে বছৰ বছৰ ধৰি পৰিবহণ বিভাগক কৰ পৰিশোধ নকৰাৰ তথ্য পোহৰলৈ আহিছে পৰিবহণ বিভাগৰ অনুসন্ধানত। এই কৰৰ পৰিমাণ কেইবাকোটি টকা হ'ব বুলি ধাৰণা কৰা হৈছে ।
যোৰহাটৰ জিলা পৰিবহণ বিষয়া মইনুদ্দিন আহমেদে কয়– ''আমি কৰ সংগ্ৰহৰ বাবে বিভিন্ন ফাইল চাই থাকোঁতে দেখিলোঁ যে সাধাৰণ সামগ্ৰী কঢ়িওৱা ট্ৰাক ৰূপে পঞ্জীয়ন হৈ আছে এখন কম্প্ৰেছৰ ইনষ্ট্ৰুমেন্ট ভেহিকল, যিখনৰ মূল্য প্ৰায় 7 কোটি টকা। এই বিশেষ শ্ৰেণীৰ বাহনখনৰ পৰা শেহতীয়াকৈ আমি 47 লাখতকৈ অধিক টকা পথ কৰ ৰূপে সংগ্ৰহ কৰিছোঁ।"
আনহাতে জিলাখনৰ অন্যান্য যানবাহনসমূহৰ পৰা অনাদায় কৰ সংগ্ৰহৰ ক্ষেত্ৰতো বিশেষ অভিযান আৰম্ভ কৰিছে যোৰহাট জিলা পৰিবহণ বিভাগে। ইতিমধ্যে জিলাখনৰ প্ৰায় সাত হাজাৰ গাড়ীৰ গৰাকীলৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে পৰিবহণ বিভাগৰ কাৰ্যালয়ে। সেয়ে গাড়ীৰ গৰাকীক যাৱতীয় কৰ সময়মতে পৰিশোধ কৰিবলৈ আহ্বান জনাইছে যোৰহাট জিলা পৰিবহণ বিভাগৰ কৰ্তৃপক্ষই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|