জৰিমনা নহয়, হেলমেট নিপিন্ধা বাইক চালকক আৰক্ষীয়ে দিলে সুন্দৰ উপহাৰ

News18 Assam | News18-Assam
Updated:January 12, 2020, 4:06 PM IST
জৰিমনা নহয়, হেলমেট নিপিন্ধা বাইক চালকক আৰক্ষীয়ে দিলে সুন্দৰ উপহাৰ
আজি পুৱাৰ ভাগৰ পৰাই ডবকা চহৰত হোজাই জিলা পৰিবহণ বিভাগে এই কাৰ্যসূচী ৰূপায়ণ কৰি বাইক চালকক হেলমেট নিপিন্ধাকৈ বাইক নচলাবলৈ আহ্বান জনায়

আজি পুৱাৰ ভাগৰ পৰাই ডবকা চহৰত হোজাই জিলা পৰিবহণ বিভাগে এই কাৰ্যসূচী ৰূপায়ণ কৰি বাইক চালকক হেলমেট নিপিন্ধাকৈ বাইক নচলাবলৈ আহ্বান জনায়

  • Share this:
হোজাইত পৰিবহন বিভাগৰ ব্যতিক্ৰমী প্ৰয়াস৷ উদণ্ড চালকক নিয়ন্ত্ৰণ কৰিবলৈ চালান নহয়, এইবাৰ চালকৰ হাতত তুলি দিলে ফুল৷ হাতে হাতে ফুল লৈ ডবকা চহৰত ঘূৰিছে পৰিবহণ বিভাগৰ দল। হেলমেট নিপিন্ধা বাইক চালকক ফুলৰ থোপা আগবঢ়াই পথ সজাগতাৰ প্ৰয়াস পৰিবহণ বিভাগৰ৷

আজি পুৱাৰ ভাগৰ পৰাই ডবকা চহৰত হোজাই জিলা পৰিবহণ বিভাগে এই কাৰ্যসূচী ৰূপায়ণ কৰি বাইক চালকক হেলমেট নিপিন্ধাকৈ বাইক নচলাবলৈ আহ্বান জনায়৷ ডবকা চহৰত প্ৰায় দুশ হেলমেট নিপিন্ধা চালকক ফুলৰ থোপা দি আগন্তুক দিনত হেলমেট নিপিন্ধাকৈ বাইক নচলাবলৈ আহ্বান জনায়৷ হোজাই পৰিবহণ বিভাগৰ এই প্ৰয়াসক আদৰণি জনায় ডবকাৰ ৰাইজে৷

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি