উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনা স্কুল বাছসমূহক সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ। সোমবাৰে উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনা অনুসৰি ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয় কৰ্তৃপক্ষৰ বাবে স্কুল বাছৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰে (New Rules For School Bus) ।
পৰিবহণ বিভাগৰ কামৰূপ (মেট্ৰ’)ৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে পৰিবহণ বিভাগৰ নিৰ্দেশ উলংঘা কৰিলে ১০ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব আইন ভংগ কৰা স্কুল কৰ্তৃপক্ষই।
দাসে কয়– ''স্কুলবাছত যাত্ৰা কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা কিছুমান নিৰ্দেশনাৰ লগতে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ পৰা নিৰ্দেশ দিয়া হৈছে। বিদ্যালয় কৰ্তৃপক্ষই এইবোৰ মানি চলিব লাগিব।''
কি নিৰ্দেশনা?
–গুৱাহাটীৰ স্কুলবাছসমূহৰ ভিতৰত চিচিটিভি কেমেৰা স্থাপন কৰিব লাগিব।
–স্কুল বাছৰ বাহিৰেও স্কুল ভান হিচাপে ব্যৱহাৰ কৰা আন যিকোনো বাহন পৰিবহণ বিভাগৰ নিৰ্দেশৰ অধীনত আহিব।
–স্কুলবাছ আৰু ভানবোৰত হালধীয়া ৰঙৰ ৰং কৰিব লাগিব আৰু গাড়ীবোৰৰ আগত আৰু পিছফালে “স্কুল বাছ” শব্দ লিখিব লাগিব।
–ভাড়াতীয়া বাছ হ’লে “অন স্কুল ডিউটি” বুলি স্পষ্টকৈ উল্লেখ কৰিব লাগে।
–বাছত স্কুলৰ নাম আৰু টেলিফোন নম্বৰ লিখিব লাগিব।
–বাছৰ দুৱাৰত এটা নিৰ্ভৰযোগ্য তলা লগোৱা উচিত।
–স্কুলৰ বেগ ৰাখিব পৰাকৈ আসনৰ তলত যথেষ্ট ঠাই থাকিব লাগিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|