உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আহি আছে কোৰোণা ভাইৰাছৰ ভেকচিন! মঙলদৈত কোভিড ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ

    আহি আছে কোৰোণা ভাইৰাছৰ ভেকচিন! মঙলদৈত কোভিড ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ

    মঙলদৈত কোভিড ভেকচিনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

    মঙলদৈত কোভিড ভেকচিনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

    মঙলদৈত কোভিড ভেকচিনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

    • Share this:
    আহি আছে কোৰোণা ভাইৰাছৰ ভেকচিন। সাজু হৈছে  স্বাস্থ্য বিভাগ। জানুৱাৰীৰ ভিতৰত উপলব্ধ হব কোৰযোণা ভাইৰাছৰ ভেকচিন। বিশ্ব স্বাস্থ্য সংস্থাৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধানত থকা ডাঃ সুভাশিস ভট্টাচাৰ্যৰ উপস্থিতিত মঙলদৈত কোভিড ভেকচিনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

    বহু জল্পনা কল্পনাৰ অন্তত ২০২১ চনৰ জানুৱাৰীত উপলব্ধ হ’ব কোৰোণা ভাইৰাছৰ ভেকচিন। ৰাজ্যিক স্বাস্থ্য বিভাগৰ ফালৰ পৰা সমগ্ৰ অসমৰ লগতে মঙলদৈতো কোৰোণা ভেকচিন প্ৰদানক লৈ পৰ্যায়ক্ৰমে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জিলা প্ৰতিষেধক বিষয়াই জানিবলৈ দিয়া মতে পৰ্যায়ক্ৰমে এই প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

    এই ভেকচিনৰ প্ৰশিক্ষণ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিখন ৰাজ্যক দিয়াৰ পিছত প্ৰতিখন ৰাজ্যৰ স্বাস্থ্য বিভাগে জিলাত এই প্ৰশিক্ষণ প্ৰদান কৰিলে আৰু বৰ্তমান জিলাৰ সদৰত ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইয়াৰ অংশ হিচাপে দৰং জিলাৰ সদৰ মঙলদৈত ব্লক পৰ্যায়ত লগতে স্বাস্থ্য বিভাগৰ অংশীদাৰ বিভাগ সমাজ কল্যাণ, শিক্ষা বিভাগ, ব্যক্তিগত খণ্ডৰ মুৰব্বী চিকিৎসক, চাহ বাগানৰ চিকিৎসক, পেৰামেডিকেল যিসকল ভেকচিনৰ লগত জড়িত হ’ব সকলোকে দুদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। অনলাইন আৰু অফলাইনযোগে প্ৰদান কৰা হৈছে এই প্ৰশিক্ষণ।

    ২৩ ডিচেম্বৰ আৰু ২৪ ডিচেম্বৰৰ জিলা সদৰত কিদৰে ভেকচিন দিয়া হ’ব, প্ৰথমে কাক দিয়া হ’ব, কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব, কিদৰে স্বাস্থ্য কৰ্মীসকলে ৰাইজৰ মাজত প্ৰচাৰ চলাব, কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব সকলো প্ৰশিক্ষণ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে চিকিৎসক নিৰ্মল কুমাৰ বেৰীয়াই। পৰৱৰ্তী সময়ত জিলা পৰ্যায়ৰ প্ৰশিক্ষণপ্ৰাপ্ত সকলে শিক্ষক, আশা কৰ্মী, স্বাস্থ্য বিভাগত জড়িত থকা সকলো লোকক ব্লক পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। আৰু ডিচেম্বৰৰ ভিতৰতেই কোৰোণা ভেকচিনৰ সম্পূৰ্ণ প্ৰশিক্ষণ সকলো পৰ্যায়ৰ লোকক  প্ৰদান কৰি শেষ কৰিব বুলি জানিব দিছে জিলা স্বাস্থ্য বিভাগে। যাতে জানুৱাৰীলৈ সাজু হ’ব পাৰে সকলো প্ৰশিক্ষণপ্ৰাপ্ত লোক।

    প্ৰথম পৰ্যায়ত এই ভেকচিন স্বাস্থ্যকৰ্মীক দিয়া হ’ব আৰু পৰৱৰ্তী সময়ত কোৰোণা মহামাৰীত সন্মুখৰ পৰা যুঁজি থকা প্ৰতিগৰাকী লোকক প্ৰদান কৰা হ’ব আৰু ইয়াৰ পিছত স্বাস্থ্য বিভাগৰ নিৰ্দেশ ক্ৰমে সাধাৰণ ৰাইজক দিয়া হ’ব বুলি জানিব দিয়ে স্বাস্থ্য বিভাগে।
    Published by:Sanjay Kumar Das
    First published: