সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ বিভিন্ন বিভাগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আজমল ফাউণ্ডেচনৰ সফল প্ৰশিক্ষাৰ্থীসকলক দেওবাৰে ফাউণ্ডেচনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।
গুৱাহাটীৰ ৰয়েল দি কাছা হোটেলত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সাংসদ বদৰুদ্দিন আজমল, জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, বিধায়ক ড০ ৰফিকুল ইছলাম, মুজিবুৰ ৰহমান আৰু আমিনুল ইছলাম (জ্যেষ্ঠ) আৰু আজমল ফাউণ্ডেচনৰ মহাপ্ৰৱন্ধক ড০ এম আৰ এইচ আজাদ উপস্থিত আছিল।
দেওবাৰৰ অনুষ্ঠানটোত ২০ গৰাকী সফল ছাত্ৰ-ছাত্ৰীৰ লগতে দুগৰাকী অধিবক্তা ক্ৰমে এই এছ টাপাডৰ আৰু আমান ৱাডুডকো আজমল ফাউণ্ডেচনে বিপুল সম্বৰ্ধনা জনায়। একেটা অনুষ্ঠানতে আজমল ফাউণ্ডেচনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অসুস্থ হোৱা অসমৰ ভাৰ্গৱ ৰাভাক উন্নত চিকিৎসাৰ বাবে ডেৰ লাখ টকাৰ চেক প্ৰদান কৰে সাংসদ বদৰুদ্দিন আজমলে। সাংসদ মৌলানা বদৰুদ্দিন আজমলে অসম লোকসেৱা আয়োগৰ যোগেদি নতুনকৈ নিযুক্তি পোৱাসকলক দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|