உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Landslide in Dima Hasao: বৃষ্টিপাত আৰু ভয়ংকৰ ভূমিস্খলনৰ কবলত পৰা ডিমা হাছাওত বাতিল বহুকেইখন ৰে'ল

    Landslide in Dima Hasao: বৃষ্টিপাত আৰু ভয়ংকৰ ভূমিস্খলনৰ কবলত পৰা ডিমা হাছাওত বাতিল বহুকেইখন ৰে'ল

    জিলাখনত বহু পথ ইতিমধ্যে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে উটুৱাই নিছে।

    জিলাখনত বহু পথ ইতিমধ্যে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে উটুৱাই নিছে।

    জিলাখনত বহু পথ ইতিমধ্যে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে উটুৱাই নিছে।

    • Share this:
    ভয়ংকৰ ভূমিস্খলনৰ কবলত ডিমা হাছাও। জিলাখনৰ বিভিন্ন অংশত ভূমিস্খলনৰ ফলত ৰে'ল সেৱা বন্ধ কৰা হৈছে (Train service cancelled due to landslide)। পাহাৰীয়া জিলাখনত প্ৰবল বৃষ্টিপাত আৰু ইয়াৰ ফলত হোৱা ভূমিস্খলনৰ বাবে শিলচৰ-লামডিঙৰ মাজত ৰে'লসেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰা হৈছে।

    উত্তৰ পূব ৰে’লৱেই প্ৰকাশ কৰা অনুসৰি বাতিল কৰা ৰে’লসমূহৰ ভিতৰত আছে গুৱাহাটী-বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ, গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, শিয়ালদাহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ, আগৰতলা-বেংগালুৰু হামচফৰ এক্সপ্ৰেছ, ৰাণী কমলাপতি-আগৰতলা স্পেচিয়েল ট্ৰেইন, নতুন দিল্লী-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, আগৰতলা-দেউঘৰ এক্সপ্ৰেছ, গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আদি কেইবাখনো ৰে'ল।

    মন কৰিকৰিব লগীয়া যে ১৪ মে' ২০২২ তাৰিখে যাত্ৰা আৰম্ভ কৰা ১৫৬১৫ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ নিউ হাফলং ষ্টেচনত নিয়ন্ত্ৰণ কৰা হয় আৰু ১৪ মে তাৰিখে যাত্ৰা আৰম্ভ কৰি ১৫৬১৬ শিলচৰ- গুৱাহাটী এক্সপ্ৰেছ ৰেলখন ডিটোকচেৰা ষ্টেচনত নিয়ন্ত্ৰণ কৰা হয়।

    ৰে'ল কৰ্তৃপক্ষই দুয়োখন ৰে'লৰ আবদ্ধ যাত্ৰীসকলৰ বাবে তেওঁলোকৰ গন্তব্যস্থানত উপনীত হোৱাৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে। এই ৰে'লসমূহৰ আবদ্ধ যাত্ৰীসকল সুৰক্ষিত। সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী যেনে খাদ্য আৰু খোৱাপানীৰ ব্যৱস্থা ৰে'ল কৰ্তৃপক্ষই  কৰি আছে বুলি জানিবলৈ দিছে।

    উল্লেখ্য, বান আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰা ডিমা হাচাও (Dima Hasao) জিলাখনত বহু পথ ইতিমধ্যে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে উটুৱাই নিছে। ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।
    Published by:Gautam Barman
    First published: