মহানগৰীৰ চন্দ্ৰপুৰত দেওবাৰে সংঘটিত হয় এক অঘটন। এখন যাত্ৰীবাহী ৰে'লৰ চকা ৰে'ল লাইনৰ পৰা পিছলি পৰাত কথমপি প্ৰাণৰক্ষা পৰে সহস্ৰাধিক লোকৰ। দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে উজনিমুৱা বঙাইগাঁও-হয়বৰগাঁও কপিলী ফাষ্ট পেছেঞ্জাৰ ট্ৰেইনখন।
জানিব পৰা মতে, দেওবাৰে ৰাতিপুৱা ১০.৪৫ মান বজাত বঙাইগাঁওৰ পৰা গুৱাহাটী হৈ হয়বৰগাঁওলৈ গৈ থকা কপিলী ফাষ্ট পেছেঞ্জাৰ ট্ৰেইনখনে চন্দ্ৰপুৰৰ পাণবাৰী ষ্টেচনৰ প্লেটফৰ্ম পোৱাৰ আগমুহূৰ্তত হঠাৎ শব্দ এটি কৰি তীব্ৰ জোকাৰণি মাৰে।
ইয়াৰ পিছতেই ট্ৰেইনখনৰ চালকজনে জৰুৰীভাৱে ট্ৰেইনখন ৰখাই দিয়ে। চাৰিওফাল ধোঁৱাময় হৈ পৰা ট্ৰেইনখন পৰীক্ষা কৰি দেখে যে এটি দবাৰ এযোৰ চকা লাইনৰ পৰা বিচ্যুত হৈছে। কিন্তু ৰে'লখন ৰখোৱাৰ ফলত কেইবাটাও দবা লাইনচ্যুত হোৱাৰ পৰা ৰক্ষা পৰে।
ইয়াৰ পিছত প্ৰায় ডেৰ ঘণ্টা অতিক্ৰম কৰাৰ পিছত উত্তৰ–পূব সীমান্ত ৰে'লৱেৰ দুৰ্ঘটনাত সহায় কৰা বিশেষ বাহনসহ কাৰিকৰী দিশৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু লাইনচ্যুত দবাটো পুনৰ কাৰ্যক্ষম কৰে। উল্লেখ্য ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰে সহস্ৰাধিক লোকৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|