உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পাঁচ মাহৰ ভিতৰত পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হ'ল তিনি ভাতৃৃৃ-ভগ্নী, দিনতে আন্ধাৰ দেখিছে ভাগ্যশ্ৰী, সীমাশ্ৰী আৰু সৌৰভে

    পাঁচ মাহৰ ভিতৰত পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হ'ল তিনি ভাতৃৃৃ-ভগ্নী, দিনতে আন্ধাৰ দেখিছে ভাগ্যশ্ৰী, সীমাশ্ৰী আৰু সৌৰভে

    পিতৃৰ আয়ৰ ওপৰত নিৰ্ভৰশীল তিনি সন্তান এতিয়া অসহায়৷ এফালে পিতৃ–মাতৃৰ শোক, আনফালে বৃদ্ধ আইতাকক লৈ চিন্তা৷

    পিতৃৰ আয়ৰ ওপৰত নিৰ্ভৰশীল তিনি সন্তান এতিয়া অসহায়৷ এফালে পিতৃ–মাতৃৰ শোক, আনফালে বৃদ্ধ আইতাকক লৈ চিন্তা৷

    পিতৃৰ আয়ৰ ওপৰত নিৰ্ভৰশীল তিনি সন্তান এতিয়া অসহায়৷ এফালে পিতৃ–মাতৃৰ শোক, আনফালে বৃদ্ধ আইতাকক লৈ চিন্তা৷

    • Share this:
    বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত শিংৰাপাৰ গাঁৱৰ এটা পৰিয়ালৰ তিনি সন্তানৰ  কৰুণ কাহিনীয়ে ব্যথিত কৰি তুলিছে বহু হৃদয়বান লোকৰ৷ পাঁচ মাহৰ ভিতৰত পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হ'ল তিনি ভাতৃৃৃ-ভগ্নী৷ পিতৃৰ মৃত্যুৰ পাঁচমাহ পূৰ্বে দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল মাতৃৰ৷ যাৰ বাবে এতিয়া অসহায় হৈ পৰিছে দুৰ্ভগীয়া তিনি সন্তান৷

    শিংৰাপাৰাৰ দুৰ্ভগীয়া পৰিয়ালটোৰ মাতৃগৰাকী পাঁচমাহ পূৰ্বে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷ মাতৃৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পিতৃয়েও অৱশেষত হৃদৰোগত আক্ৰান্ত হৈ কিছুদিন পূৰ্বে আকস্মিকভাবে মৃত্যুবৰণ কৰে৷ পিতৃয়ে কৃষি কৰ্মৰ যোগেদি পৰিয়ালটোক পোহপাল দি আহিছিল৷ সেইদৰে নিজৰ সন্তান তিনিটাক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ চেষ্টা কৰিছিল পিতৃ চাণক্য দত্তই৷

    পত্নীৰ মৃত্যুৰ পিছত দুই কন্যা আৰু একমাত্ৰ পুত্ৰক লৈ জীয়াই থকাৰ সপোন দেখিছিল চাণক্য দত্তই৷ ইতিমধ্যে ডাঙৰ কন্যা ভাগ্যশ্ৰী দত্তই বজালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী ল’বলৈ সক্ষম হোৱাৰ বিপৰীতে দ্বিতীয় কন্যা সীমাশ্ৰী দত্ত হায়াৰ ছেকেণ্ডাৰী চুড়ান্ত বৰ্ষ আৰু একমাত্ৰ পুত্ৰ সৌৰভ দত্ত অষ্টম শ্ৰেণীত পঢ়ি আছে৷ পিছে পিতৃ চাণক্য দত্তই সপোন পূৰণ হোৱাৰ পূৰ্ৱে হৃদৰোগত আক্ৰান্ত হৈ হঠাৎ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ ফলত নিঠৰুৱা হৈ পৰে ভাগ্যশ্ৰী, সীমাশ্ৰী আৰু সৌৰভ৷

    তিনিওটা সন্তানৰো সপোন আছিল পঢ়ি–শুনি এজন ভাল মানুহ হোৱাৰ৷ কিন্তু তেওঁলোকৰ সেই সপোনত যেন চেঁচাপানী পৰিল৷ পিতৃ-মাতৃৰ বিয়োগৰ পিছত ভৱিষ্যত অন্ধকাৰ হৈ পৰিল৷ ইফালে বৃদ্ধা আইতাকগৰাকীও দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে৷ পুত্ৰ-বোৱাৰীৰ শোকত বিহ্বল হৈ পৰা বৃদ্ধা আইতাক গৰাকীক লৈও এতিয়া সমস্যাৰ সৃষ্টি হৈছে৷

    পিতৃৰ আয়ৰ ওপৰত নিৰ্ভৰশীল তিনি সন্তান এতিয়া অসহায়৷ এফালে পিতৃ–মাতৃৰ শোক, আনফালে বৃদ্ধ আইতাকক লৈ চিন্তা৷ পিতৃ-মাতৃ অবিহনে কেনেকৈ  চলিব, কেনেদৰে পঢ়া শুনা কৰিব, দুবেলা দুমুঠি কেনেদৰে যোগাৰ কৰিব সেই লৈ চিন্তাত পৰিছে তিনি ভাতৃ–ভগ্নীয়ে৷

    ডাঙৰ কন্যা ভাগ্যশ্ৰী দত্তই জানিব দিয়া অনুসৰি, কোনোৱে সহায় কৰিবলৈ আগবাঢ়ি নাহিলে হয়তো তেওঁলোকৰ শিক্ষা জীৱনৰ ইতি পৰিব৷ অৰ্থনৈতিকভাৱে দুৰ্বল তথা অভিভাৱকহীন ভগ্নী আৰু ভাতৃৃৃক তেওঁ কিদৰে আগবঢ়াই নিব৷ সেয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ তিনি ঘাতমাউৰা সন্তানৰ কাতৰ আহ্বান, তেওঁলোকৰ চলাৰ কাৰণে যেন কিবা এটা উপায় দিয়ে৷

    ঘাতমাউৰা সন্তান তিনিটাৰ আইতাকে চকুলো টুকি টুকি কয়, ‘‘ময়ো বেছিদিন জীয়াই নাথাকো৷ পুত্ৰ-বোৱাৰীৰ মৃত্যুৰ শোক আৰু বেমাৰে মোক অধিক দুৰ্বল কৰি তুলিছে৷ পিছি ল'ৰা-ছোৱালী তিনিটাক কোনে চাব! ইহঁতৰ পঢ়া- শনাও শেষ নহ'ল৷ বাপেকে খেতি কৰি পৰিয়ালটো চলাইছিল৷ এতিয়া কোনে কৰিব?’’

    আজি বাক্সা জিলা ছাত্ৰ সন্থাৰ এটা সজাতী দলে পৰিয়ালটোত উপস্থিত হৈ খা-খবৰ লোৱাৰ লগতে ভৱিষ্যতে পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব বুলি জানিব দিয়ে৷ ছাত্ৰ সন্থাই স্নাতক ডিগ্ৰীধাৰী জ্যেষ্ঠ কন্যা ভাগ্যশ্ৰীক যোগ্যতাৰ ভিত্তিত এটি চৰকাৰী চাকৰি দি পৰিয়ালটো চলোৱাত সহায় কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে৷
    Published by:Sanjay Kumar Das
    First published: