• Home
  • »
  • News
  • »
  • assam
  • »
  • Jaymala|Elephant Smuggling: জয়মালা কেতিয়া ঘূৰি আহিব অসমলৈ, তিনিচুকীয়াৰ পৰা মুঠ ৩৩টা হাতী সৰবৰাহৰ তথ্য

Jaymala|Elephant Smuggling: জয়মালা কেতিয়া ঘূৰি আহিব অসমলৈ, তিনিচুকীয়াৰ পৰা মুঠ ৩৩টা হাতী সৰবৰাহৰ তথ্য

Jaymala|Elephant Smuggling: বহিঃৰাজ্যলৈ সৰবৰাহ কৰা হাতীসমূহ পুনৰ অসমলৈ ঘুৰাই আনিবলৈ দাবী জনাইছে সদৌ মৰাণ ছাত্ৰ সন্থাই।

Jaymala|Elephant Smuggling: বহিঃৰাজ্যলৈ সৰবৰাহ কৰা হাতীসমূহ পুনৰ অসমলৈ ঘুৰাই আনিবলৈ দাবী জনাইছে সদৌ মৰাণ ছাত্ৰ সন্থাই।

Jaymala|Elephant Smuggling: বহিঃৰাজ্যলৈ সৰবৰাহ কৰা হাতীসমূহ পুনৰ অসমলৈ ঘুৰাই আনিবলৈ দাবী জনাইছে সদৌ মৰাণ ছাত্ৰ সন্থাই।

  • Share this:
    জয়মালা (Jaymala)ৰ ঘটনাই পোহৰলৈ আনিছে ৰাজ্যত চলি থকা হাতী ছিণ্ডিকেট (Elephant Syndicatee)ৰ ভয়ংকৰ তথ্য।কেৱল জয়মালাই নহয় এই পৰ্যন্ত তিনিচুকীয়া (Tinsukia)ৰ পৰাই ছিণ্ডিকেট চক্ৰই বিক্ৰী কৰিলে ৩৩টাতকৈ অধিক হাতী । জানিব পৰা মতে প্ৰতিটো হাতী বিক্ৰী হয় ২৫ লাখ টকাত। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল জয়মালাৰ ঘটনাটোৰ পৰা এতিয়াও শিক্ষা ল'ব পৰা নাই ৰাজ্যৰ বন বিভাগে।

    জয়মালাক কেনেকৈ বিক্ৰী হৈছিল বহিঃৰাজ্যত?
    ১৯৯৫ চনত সমগ্ৰ দেশতে গছ কটা নিষিদ্ধ কৰাৰ পাছত  অসমৰ বন বিভাগে অসমৰ বনাঞ্চলসমূহত ঘৰচীয়া হাতী মেলাত নিষেধাজ্ঞা জাৰি কৰাত হাতীৰ গৰাকীসকল বিমোৰত পৰিছিল। তেনে এক সন্ধিক্ষণতে অসম চৰকাৰৰ বন বিভাগৰ ছত্ৰছায়াত বহিঃৰাজ্যলৈ অসমৰ ঘৰচীয়া হাতী সমূহ প্ৰেৰণ কৰাৰ এক বৃহৎ প্ৰক্ৰিয়া আৰম্ভ হ'ল। তেনে এক পাকচক্ৰৰ বশৱৰ্তী হৈ ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত ১৬টা ঘৰচীয়া হাতী মালিকসকলে তামিলনাডুলৈ প্ৰেৰণ কৰিছিল। এই ১৬টা হাতীৰ ভিতৰত বৰ্তমান তামিলনাডু (Tamil Nadu)ত মাউতৰ পাশবিক অত্যাচাৰৰ বলি হৈ চিতকাৰ কৰি থকাৰ অৱস্থাত ভিডিও ভাইৰেল হোৱাৰ হাতীজনী কাকপথাৰ গীৰিণ মৰাণৰ ' জয়মালা'।

    ২০১১ চনত ৰকিবুল হুছেইন বন মন্ত্ৰী হৈ থকাৰ সময়ত ডুমডুমা বনাঞ্চলিক বিষয়া- কৰ্মচাৰীৰ মন্ত্ৰণাত তিনি বছৰৰ বাবে তামিলনাডুৰ চিভিল্লোপুটুৰৰ নাচিয়াৰ মন্দিৰলৈ জয়মালাক প্ৰেৰণ কৰিছিল। সেই সময়ত ডুমডুমাৰ বনাঞ্চলিক বিষয়াৰ ছত্ৰছায়াত যি ১৬টা হাতীক অসমৰ পৰা তামিলনাডুলৈ প্ৰেৰণ কৰা হৈছিল তাৰ এটাও এতিয়ালৈকে অসমলৈ ঘূৰি অহা নাই বা অনাৰ ব্যৱস্থা কৰা নাই অসমৰ বন বিভাগে। যাৰ পৰিণতিত আজি জয়মালাৰ দৰে বহুতেই অত্যাচাৰৰ বলি হ'ব লগা হৈছে বহিঃৰাজ্যৰ মাউতৰ হাতত। নথি - পত্ৰ মতে এই হতিসমূহ ঘূৰাই অনাৰ ম্যাদ কেতিয়াবাই উকলি গৈছে।

    জয়মালাৰ দৰে বিক্ৰী কৰিছিল জানমনি, বনিত, বাবুল নামৰ আন তিনিটা হাতী। অভিযোগ মতে এটা ছিণ্ডিকেট চক্ৰই বিক্ৰী কৰিছে তিনিচুকীয়াৰ ৩৩টাতকৈ অধিক হাতী। বিভিন্ন দল-সংগঠনৰ অভিযোগ মতে এটা হাতী বিক্ৰী কৰে প্ৰায় ২৫ লাখ টকাত। জানিব পৰা মতে বৰ্তমানেও সক্ৰিয় হৈ আছে হাতী সৰবৰাহ কৰা ছিণ্ডিকেট চক্ৰ। গোপন সূত্ৰ মতে অসম- অৰুণাচলৰ সীমান্তপৰা ২০ টা হাতী সৰবৰাহ কৰিবৰ বাবে সাজু হৈছে ছিণ্ডিকেট চক্ৰটো।

    বহিঃৰাজ্যলৈ সৰবৰাহ কৰা হাতীসমূহ পুনৰ অসমলৈ ঘুৰাই আনিবলৈ দাবী জনাইছে সদৌ মৰাণ ছাত্ৰ সন্থাই। অন্যহাতে তিনিচুকীয়াত হাতীৰ সৰবৰাহৰ এক বৃহৎ ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ থকা বুলি বিস্ফোৰক অভিযোগ কৰিছে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে।এনে পৰিস্থিতিত অসম চৰকাৰৰ বন বিভাগে হাতী সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব।
    Published by:Manjumoni Borah
    First published:

    শেহতীয়া বাতৰি