உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হৃদয়বিদাৰক! পোন্ধৰ বছৰে পিঞ্জৰাত আবদ্ধ এজন যুৱক, ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এক জীৱন

    হৃদয়বিদাৰক! পোন্ধৰ বছৰে পিঞ্জৰাত আবদ্ধ এজন যুৱক, ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এক জীৱন

    পাঁচ বছৰ বয়সতে সি পিন্ধি থকা গাৰ কাপোৰ যি খুলি পেলাইছিল, সেই দিন ধৰি কাপোৰৰ সতে তাৰ শত্ৰুতা।

    পাঁচ বছৰ বয়সতে সি পিন্ধি থকা গাৰ কাপোৰ যি খুলি পেলাইছিল, সেই দিন ধৰি কাপোৰৰ সতে তাৰ শত্ৰুতা।

    পাঁচ বছৰ বয়সতে সি পিন্ধি থকা গাৰ কাপোৰ যি খুলি পেলাইছিল, সেই দিন ধৰি কাপোৰৰ সতে তাৰ শত্ৰুতা।

    • Share this:
    সুদীৰ্ঘ পোন্ধৰ বছৰে পিঞ্জৰাবদ্ধ হৈ আছে এজন যুৱক। পিঞ্জৰাৰ ভিতৰতে খাইছে, শুইছে।  শৌচ–প্ৰস্ৰাৱো কৰিছে সেই পিঞ্জৰাৰ ভিতৰতেই। গাত কাপোৰ বুলিবলৈ নাই। সম্পূৰ্ণ উলংগ হৈ আছে বিগত পোন্ধৰ বছৰে। হাড় কঁপোৱা জাৰৰ দিনটো একেদৰেই থাকে সম্পূৰ্ণ বস্ত্ৰহীন ভাৱে। গৰমতো এনেকৈয়ে থাকে। নিশা মাক–দেউতাকৰ লগত একেলগে ৰাখে যুৱকজনক। পুৱা পুনৰ পিঞ্জৰাত আবদ্ধ কৰি ৰাখে।

    পাঁচ বছৰ বয়সলৈ সম্পূৰ্ণ সুস্থ হৈ থকা শিশু আৰু বৰ্তমানৰ ২১ বছৰীয়া যুৱকজন দেখিলে হৃদয় মোচৰ খাই যাব সকলোৰে। যুৱকজনৰ নাম চাদ্দাম হুছেইন। দৰঙৰ ছিপাঝাৰ সমষ্টিৰ ২নং সুক্তাগুৰি গাঁৱৰ আত্তাৰ আলী আৰু হাচিনা বিবিৰ দ্বিতীয় সন্তান চাদ্দাম। পাঁচ বছৰ বয়সত টাইফয়ড ৰোগত আক্ৰান্ত হৈ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে চাদ্দামে।

    মুখেৰে মা আৰু মামা শব্দ দুটাৰ বাহিৰে বুজিব পৰা ধৰণৰ কোনো কথাই ক’ব নোৱাৰে সি। পাঁচ বছৰ বয়সতে সি পিন্ধি থকা গাৰ কাপোৰ যি খুলি পেলাইছিল, সেই দিন ধৰি কাপোৰৰ সতে তাৰ শত্ৰুতা। কাপোৰ হাতেৰে স্পৰ্শ কৰিব পৰিলেই কামুৰি কামুৰি ফালি–চিৰি নষ্ট কৰি পেলায়। পিতৃ–মাতৃয়ে ভাত–পানীও দিব লাগে খুৱাই।

    দিন হাজিৰা কৰি কোনোমতে পেটে ভাতে খাই থকা পৰিয়ালটোৱে চাদ্দামক লৈ পৰিছে মহা সমস্যাত। বন্ধন বেংকৰ পৰা ১২ হাজাৰ টকা ঋণ লৈ সন্তানৰ বাবে বনাইছে লোহাৰ পিঞ্জৰা। পূৰ্বতে কাঠৰ পিঞ্জৰা বনাইছিল যদিও সেয়া ভাঙি যোৱাত লোহাৰ পিঞ্জৰা বনাবলৈ বাধ্য হয় পৰিয়ালটো।

    উল্লেখযোগ্য যে সমাজ কল্যাণ বিভাগকে ধৰি মন্ত্ৰী–বিধায়কক সহায়ৰ বাবে বহু আবেদন নিবেদন কৰাৰ পিছতো বিগত পোন্ধৰ বছৰে লাভ নকৰিলে কোনো ধৰণৰ সহায়। আনকি হুইল চকী এখন পাবলৈও সমৰ্থ নহ’ল এই দুৰ্ভগীয়া পৰিয়ালটোৱে। এখন টিনৰ চালিত পলিথিনৰ বেৰ দি সজা এটা ঘৰত পিঞ্জৰাবদ্ধ হৈ আহিছে চাদ্দাম।

    সমাজ কল্যাণ বিভাগে কোটি কোটি টকা ব্যয় কৰি থকাৰ পিছতো বঞ্চিত হৈ আহিছে এইটো পৰিয়াল। আনহাতে পূৰ্বৰ চিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াক বহুবাৰ আবেদন কৰিও সামান্য সহায় নোপোৱা পৰিয়ালটোৱে বৰ্তমানৰ বিধায়ক পৰমানন্দ ৰাজবংশীক কাতৰ আহ্বান জনাইছে যাতে দয়াৰ দৃষ্টিৰে চাই পৰিয়ালটোক সহায় কৰে।
    Published by:Sanjay Kumar Das
    First published: