• Home
  • »
  • News
  • »
  • assam
  • »
  • তিনিচুকীয়াত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল বাইকত গৈ থকা মোমায়েক–ভাগিনীয়েকৰ

তিনিচুকীয়াত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল বাইকত গৈ থকা মোমায়েক–ভাগিনীয়েকৰ

প্ৰতীকী ফটো

প্ৰতীকী ফটো

মাকুমৰ দিশৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা AS 21 9446 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰাকে একেদিশৰ পৰা গৈ থকা AS 23Q 4151 নম্বৰৰ এখন গ্লেমাৰ বাইকত পিছফালৰ পৰা খুন্দা মাৰে।

  • Share this:
তিনিচুকীয়া মাকুম পথৰ থাৰ্মেলত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী যুৱতীৰ লগতে এজন লোক। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত হয় হোজাইৰ লংকাৰ মানমণি চৌধুৰী নামৰ ২৬ বছৰীয়া যুৱতীগৰাকীৰ লগতে যুৱতীগৰাকীৰ মোমায়েকৰ।

জানিব পৰা মতে, মাকুমৰ দিশৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা AS 21 9446 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰাকে একেদিশৰ পৰা গৈ থকা AS 23Q 4151 নম্বৰৰ এখন গ্লেমাৰ বাইকত পিছফালৰ পৰা খুন্দা মাৰে।

ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ থিতাতে নিহত যুৱতীগৰাকীৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত মৃত্যু হয় নিহত যুৱতীগৰাকীৰ মোমায়েক বিমান চক্ৰৱৰ্তীৰ।
Published by:Sanjay Kumar Das
First published: