• Home
  • »
  • News
  • »
  • assam
  • »
  • কৰিমগঞ্জত ভয়ংকৰ দুৰ্ঘটনা, অটোৰিক্সা আৰু ট্ৰাকৰ সংঘৰ্ষত ১০জন লোক নিহত

কৰিমগঞ্জত ভয়ংকৰ দুৰ্ঘটনা, অটোৰিক্সা আৰু ট্ৰাকৰ সংঘৰ্ষত ১০জন লোক নিহত

অট'ৰিক্সা আৰু এখন চিমেণ্টভৰ্তি গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

অট'ৰিক্সা আৰু এখন চিমেণ্টভৰ্তি গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

অট'ৰিক্সা আৰু এখন চিমেণ্টভৰ্তি গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

  • Share this:
কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা। অসম-ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাত থিতাতে নিহত হয় ১০জন লোক। অট'ৰিক্সা আৰু এখন চিমেণ্টভৰ্তি গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাগ্ৰস্থ অট'খনৰ নম্বৰ AS10A C5782 আৰু ট্ৰাকৰ নম্বৰ NL 01Q 0088। মৃত্যু হোৱা লোকসকলৰ পৰিচয় এতিয়ালৈকে জানিব পাৰা হোৱা নাই। দুৰ্ঘটনাত নিহত পুৰুষ–মহিলাসকল ষট পূজাৰ পৰা আহিছিল বুলি সন্দেহ কৰা হৈছে।

নিহত লোকসকল লংগাই চাহ বাগিচাৰ বুলি অনুমান কৰা হৈছে। আজি পুৱা উদিত সূৰ্যক অৰ্ঘ্য নিবেদন কৰি উভতি অহাৰ সময়ত এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে প্ৰত্যক্ষদৰ্শীয়ে। এই ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Sanjay Kumar Das
First published: