গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ মাজতেই ধুবুৰীত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাটোত মৃত্যু হয় দুগৰাকী ছাত্ৰীৰ। খবৰ অনুসৰি, সৰস্বতী পূজা চাবলৈ গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখে গৈছিল AS17J4224 মাৰুতি আৰটিগা বাহনখন আৰু পথতে এই ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়।
উল্লেখযোগ্য যে, ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰে ভ্ৰমণ কৰা এই বাহনখনৰ দুগৰাকী ছাত্ৰীৰ ইতিমধ্যে মৃত্যু হোৱাৰ লগতে আন পাচঁজন গুৰুতৰভাৱে আহত হৈছে। নিহত ছাত্ৰী দুগৰাকীৰ নাম নিৰ্মালী ৰায় (১৬) আৰু শিৱাংগী ৰায় (১৪) আৰু ঘৰ গৌৰীপুৰৰ শৰৎৰায় লেনত বুলি জানিব পৰা গৈছে। আনহাতে, আহতসকলৰ ভিতৰত আছে ৰিয়াত হুছেইন, জাহিদুল হক, ৰিয়া সাহা, জেনিফাৰ ইয়াছমিন আৰু মইদুল ইছলাম।
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনে পথৰ দাঁতিত ৰখাই থোৱা এখন বাইক আৰু এখন স্কুটীত খুন্দা মাৰি এখন ট্ৰাকত খুন্দা মৰাৰ ফলতেই এই অনাকাংক্ষিত দুৰ্ঘটনাটো সংঘটিত হয়। ৰাজপথৰ কাষত অবৈধভাৱে পাৰ্কিং কৰি ৰখা ট্ৰাকৰ বাবেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে দাবী কৰিছে। আহত ৫ জনৰ ভিতৰত ৩ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।