বকোৰ বীৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু দাম্পাৰৰ সংঘৰ্ষ। অগ্নিদগ্ধ হৈ মৃত্যু হয় দুজন চালকৰ। মৃত চালক দুজন কৃষ্ণ দাস আৰু ভদ্ৰেশ্বৰ পাটগিৰি। নিহত কৃষ্ণ দাসৰ ঘৰ বকোৰ বামুণীগাঁৱত আৰু ভদ্ৰেশ্বৰ পাটগিৰিৰ ঘৰ গোৱালপাৰাৰ দুধনৈত বুলি জানিব পৰা গৈছে।
১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। গুৱাহাটী অভিমুখী বালিৰ ডাম্পাৰ এখনে বালিভৰ্তি কৰি বীৰপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ আছিল। এনে সময়তে বকোৰ পৰা গুৱাহাটীৰ দিশে গৈ থকা তীব্ৰবেগী ট্ৰাক এখনে ৰৈ থকা ডাম্পাৰখন অভাৰটেক কৰিবলৈ লওঁতেই গুৱাহাটীৰ পৰা বকো অভিমুখী এখন ডাম্পাৰে খুন্দা মাৰে ট্ৰাকখনক।
খুন্দা মৰাৰ পিছতেই দুয়োখন গাড়ী দপদপকৈ জ্বলি উঠে। ৰৈ থকা ডাম্পাৰখনো জ্বলি ছাই হয়। পুৱতিনিশা সংঘটিত হোৱা এই ঘটনাৰ খবৰ শুনি বকো আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যে গাড়ীৰ ভিতৰত থকা দুজনকৈ চালক হেন্দিমেন জুইত জ্বলি চাই হৈ যায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|