ভয়ংকৰ! গুৱাহাটীৰ পৰা কোচবিহাৰ অভিমুখী যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষ, থিতাতে নিহত ৬ জন

ইতিমধ্যে বহুসংখ্যক যাত্ৰীক সংকটজনক অৱস্থাত চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে।
ইতিমধ্যে বহুসংখ্যক যাত্ৰীক সংকটজনক অৱস্থাত চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে।
- News18 Assam
- Last Updated: December 27, 2020, 8:29 PM IST
জানিব পৰা মতে, গুৱাহাটীৰ পৰা কোচবিহাৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন। কিন্তু হঠাত্ বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে মুখামুখী সংঘৰ্ষ হয় বাছখনৰ। কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনাটো। আহত সকলক ধুবুৰী অসামৰিক চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীসহ প্ৰশাসনৰ লোক।