নগাঁৱৰ ৰেংবেঙত ট্ৰাক আৰু বলে’ৰৰ মুখামুখী সংঘৰ্ষ, থিতাতে নিহত দুজন লোক, গুৰুতৰ ভাবে আহত তিনিজন

News18 Assam | News18-Assam
Updated:January 13, 2021, 8:37 AM IST
নগাঁৱৰ ৰেংবেঙত ট্ৰাক আৰু বলে’ৰৰ মুখামুখী সংঘৰ্ষ, থিতাতে নিহত দুজন লোক, গুৰুতৰ ভাবে আহত তিনিজন
নগাঁও জিলাৰ কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত ৰেংবেঙত  মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।

নগাঁও জিলাৰ কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত ৰেংবেঙত  মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।

  • Share this:
নগাঁও জিলাৰ কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত ৰেংবেঙত  মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰ ভাবে আহত হৈছে তিনিজন লোক।

নিহত লোক দুজনৰ নাম চিন্নত বে (২৮) আৰু সান্দৰসিং হাঞ্চে(৩২) বুলি জানিব পৰা গৈছে ৷ আনহাতে আহত কেইজন হৈছে-চিতৰ সিং টেৰণ (৩৫),অৰুণ কিলিং (২৫) আৰু তাপশ দাস (৩০)।

নিহত চিন্নত বে'ৰ ঘৰ হাওৰাঘাটত আৰু সান্দৰসিং হাঞ্চেৰ ঘৰ বোকাজানত। আনহাতে চিতৰ সিং টেৰণৰ ঘৰ ডকমকাত,অৰুণ কিলিঙৰ ঘৰ বোকাজানত আৰু চালক তাপস দাসৰ ঘৰ ডিফুত।

জানিব পৰা মতে, আধাৰ কাৰ্ডৰ কামৰ শেষ কৰি  লোককেইজনে আঞ্জুকপানীৰ পৰা ডিফুলৈ ‘এ এচ ০১ ই এম ৯৬৫৭’ নম্বৰৰ বলে’ৰ গাড়ীৰে উভতি আহিছিল।কিন্তু সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে ৰাজপথতে খুন্দা মাৰে বলে’ৰ খনক। দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ট্ৰাকখন ভুল দিশেৰে আহি বলেৰ’খনক খুন্দা মাৰিছিল। ভোগালী বিহুৰ প্ৰাক ক্ষণত সংঘটিত এই শোকাৱহ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে।
Published by: Himangshu Bhuyan
First published: January 13, 2021, 8:37 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading