• Home
  • »
  • News
  • »
  • assam
  • »
  • মৰ্মান্তিক! নাগালেণ্ড অভিমুখী তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত জোঁৱাই,শাহু আৰু খুলশালি! মৰিয়ণিত শোকৰ ছাঁ

মৰ্মান্তিক! নাগালেণ্ড অভিমুখী তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত জোঁৱাই,শাহু আৰু খুলশালি! মৰিয়ণিত শোকৰ ছাঁ

এই সংঘৰ্ষত স্কুটীখনত একেলগে উঠি অহা তিনিগৰাকী আৰোহী থিতাতে নিহত হয়।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, তিনিওগৰাকী স্কুটী আৰোহী পথৰ পৰা বহু দূৰত চিটিকি পৰেগৈ।

এই সংঘৰ্ষত স্কুটীখনত একেলগে উঠি অহা তিনিগৰাকী আৰোহী থিতাতে নিহত হয়।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, তিনিওগৰাকী স্কুটী আৰোহী পথৰ পৰা বহু দূৰত চিটিকি পৰেগৈ।

এই সংঘৰ্ষত স্কুটীখনত একেলগে উঠি অহা তিনিগৰাকী আৰোহী থিতাতে নিহত হয়।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, তিনিওগৰাকী স্কুটী আৰোহী পথৰ পৰা বহু দূৰত চিটিকি পৰেগৈ।

  • Share this:
এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত একেটা পৰিয়ালৰে তিনিজনকৈ লোক।  মৰিয়নিৰ ধোদৰ আলিত সোমবাৰে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাতো। মৰিয়নি-তিতাবৰ সংযোগী ধোদৰ আলিৰ ধপাতবাৰীৰ সমীপত নগালেণ্ডৰ ডিমাপুৰ অভিমুখী তীব্ৰ বেগী NL 02 T 2114 নম্বৰৰ টাটা ছুমুখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS 03 Z 5886 নম্বৰৰ স্কুটী খনৰ মুখামুখি সংঘৰ্ষ হয়।

এই সংঘৰ্ষত স্কুটীখনত একেলগে উঠি অহা তিনিগৰাকী আৰোহী থিতাতে নিহত হয়।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, তিনিওগৰাকী স্কুটী আৰোহী পথৰ পৰা বহু দূৰত চিটিকি পৰেগৈ। নিহত তিনিগৰাকীৰ ভিতৰত এগৰাকী নগাধুলী চাহ বাগিছাৰ সুৰেশ তাঁতী বুলি চিনাক্ত কৰা লগতে আন দুগৰাকী গোলাঘাট জিলাৰ দৈয়াঙৰ ৰেণু তাছা আৰু মৰমী তাছা বুলি জানিব পৰা গৈছে।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, সুৰেশ তাঁতী নামৰ বিবাহিত যুৱকজনে গোলঘাট জিলাৰ দৈয়াঙৰ পৰা ফুৰিবলৈ অহা শাহুৱেক ৰেণু তাছা আৰু কিশোৰী খুলশালীয়েক মৰমীক ঘৰলৈ পঠিওৱাৰ বাবে মৰিয়নি নগৰলৈ গাড়ীত উঠাবলৈ আহি থকা সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।

ইফালে নগালেণ্ডৰ বাহনৰ খুন্দাত তিনিজনকৈ লোক থিতাতে নিহত হোৱাৰ খবৰ বিয়পি পৰা স্থানীয় লোকসকল উত্তেজিত হৈ পৰে আৰু দুৰ্ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰি টাটা চুমুৰ চালক আৰোহীক প্ৰহাৰ কৰিবলৈ উদ্যত হয়। কিন্তু আৰক্ষীৰ তৎপৰতাৰ বাবে নগা আৰোহীসকল আৰু চালকজন ৰক্ষা পৰে।

উত্তেজিত লোক সকলে দুৰ্ঘটনাগ্ৰস্ত টাটা চুমুখন ভাঙি চুৰমাৰ কৰি পথৰ ওপৰতে বগৰাই দি জ্বলাই দিবলৈ উদ্যত হয়। আনহাতে সময় বাগৰি যোৱা লগে লগে নগাধুলি আৰু কাষৰীয়া চাহবাগিছাৰ কেইবাসহস্ৰাধিক লোক ৰাজপথলৈ ওলাই আহি নগাধুলীৰ সমীপতো পথ অৱৰোধ কৰে।

পথ অৱৰোধকাৰীসকলে নগালেণ্ডৰ বাহনৰ দৌৰাত্ম্য বন্ধ কৰা আৰু নিহত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়। অৱৰোধস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু দণ্ডাধীশৰ লগতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ অৱৰোধকাৰীক বাৰে বাৰে বুজনি দিয়াৰ চেষ্টা কৰে যদিও নিশ্চিত লিখিত প্ৰতিশ্ৰুতি নোপোৱা পৰ্যন্ত পথ অৱৰোধ উঠাই লোৱা নহ'ব বুলি নিজৰ দাবীত অটল থাকে অৱৰোধ কাৰীসকল।
Published by:Himangshu Bhuyan
First published: