ঘৰলৈ আৰু উভতি যোৱা নহ’ল! মাৰ্ঘেৰিটাৰ চাইডিঙত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এগৰাকী মহিলা, ৬গৰাকীক AMCHলৈ প্ৰেৰণ

মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা
মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা
- News18 Assam
- Last Updated: November 11, 2020, 8:58 PM IST
জানিব পৰা মতে, শিৱসাগৰলৈ যোৱা দলটো মাৰুটি ইক’ বাহনত গৈছিল। কিন্তু শিৱসাগৰৰ পৰা ঘূৰি গৈ থকা অৱস্থাত গাড়ীখনৰ যান্ত্ৰিক বিজুটি ঘটি চাইডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা এখন ছিলিণ্ডাৰ ভৰ্তি ট্ৰাকত তীব্ৰ জোৰেৰে খুন্দা মাৰে। ঘটনাত থিতাতে নিহত হোৱা মহিলাগৰাকীৰ নাম টুলু বৰুৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে মাৰ্ঘেৰিটা আৰক্ষী।