শুকুৰবাৰে শ্ৰীৰামপুৰৰ জাকবপুৰত শিল বালি কঢ়িওৱা তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত জেকবপুৰত শিল বালি কঢ়িওৱা ডাম্পাৰে মহতিয়াই লৈ যায় মহিলাগৰাকীক।
জানিব পৰা মতে, কোচ বিহাৰ জিলাৰ বক্সিহাট থানাৰ পূৰ্ব ফলিমাৰী গাঁৱৰ নিবাসী চুপিয়া বিবিয়ে নিজৰ পুত্ৰৰ সৈতে স্বাস্থ্যজনিত কাৰণত শ্ৰীৰামপুৰৰ এজন চিকিৎসকৰ ওচৰলৈ গৈছিল। কিন্তু চিকিৎসকক দেখুৱাই ঔষধ লৈ শ্ৰীৰামপুৰৰ পৰা চাইকেলেৰে ঘৰলৈ বুলি আহি থকা অৱস্থাতে বিপৰীত দিশত অহা শিল বালি কঢ়িওৱা WB73E -4821 নম্বৰৰ ডাম্পাৰখনৰ সৈতে মুখামুখী সংঘৰ্ষ হয়। ফলত চাইকেলৰ পৰা চিটিকি পৰি মূৰত প্ৰচণ্ড আঘাত পাই চুপিয়াই। ইপিনে সৌভাগ্যক্ৰমে ৰক্ষা পৰে চুপিয়াৰ সন্তান।
মহিলাগৰাকীক ঘটনাস্থলীৰ পৰা ততাতৈয়াকৈ গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত নিয়ে যদিও বাটতে মৃত্যুক আঁকোৱালি লয়। ইপিনে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালক পলাই যায়।
উল্লেখযোগ্য যে, ছাগলীয়া হৈ অবৈধ শিল বালি কঢ়িওৱা ট্ৰাক,ডাম্পাৰৰ যাতায়াত বন্ধ হোৱাত দিনে নিশাই শ্ৰীৰামপুৰ, তামাৰহাট হৈ শ শ শিল বালি ভৰ্তি ট্ৰাক, ডাম্পাৰ ধুবুৰী জিলাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সোনাহাট বজাৰলৈ যায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|