দেউতাক এটিএমৰ ভিতৰত, বাহিৰত অপেক্ষা, তেনেকুৱাতে বাইকে মহতিয়াই নিলে স্মিতাক

News18 Assam | News18-Assam
Updated:February 4, 2021, 11:27 PM IST
দেউতাক এটিএমৰ ভিতৰত, বাহিৰত অপেক্ষা, তেনেকুৱাতে বাইকে মহতিয়াই নিলে স্মিতাক
গোৱালপাৰা জিলাৰ কৃষ্ণাই সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।

গোৱালপাৰা জিলাৰ কৃষ্ণাই সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।

  • Share this:
গোৱালপাৰা জিলাৰ কৃষ্ণাই সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। বাইকৰ খুন্দাত থিতাতে নিহত হ'ল এগৰাকী যুৱতী।  বুধবাৰে দুপৰীয়া সংঘটিত হৈছিল এই কৰুণ ঘটনাটো।

জানিব পৰা মতে, কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত খাৰদাঙৰ স্মিতা, দেউতাকৰ সৈতে এটা এটিএমলৈ আহিছিল।  এটিএমৰ ভিতৰত দেউতাকে টকা উলিয়াই থকাৰ সময়ত পথৰ কাষত ৰৈ থকা স্মিতাক এখন দ্ৰুতবেগী মটৰচাইকেলে মহতীয়াই লৈ যায়।

পিছত যুৱতীগৰাকীক সংকটজনক অৱস্থাত গোৱালপাৰা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু গুৱাহাটীলৈ নি থকাৰ সময়তে দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লয় ছাত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: February 4, 2021, 11:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি