• Home
  • »
  • News
  • »
  • assam
  • »
  • Road Accident : চতিয়াত ভয়ংকৰ দুৰ্ঘটনা, শিশু-অন্তসত্ত্বা মহিলাসহ একেটা পৰিয়ালৰ ৩গৰাকী থিতাতে নিহত

Road Accident : চতিয়াত ভয়ংকৰ দুৰ্ঘটনা, শিশু-অন্তসত্ত্বা মহিলাসহ একেটা পৰিয়ালৰ ৩গৰাকী থিতাতে নিহত

ডেৰবছৰীয়া ভতিজাকৰ চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি অভিমুখে গাড়ীৰে গৈ থাকোঁতে সংঘটিত হয় কৰুণ দুৰ্ঘটনা

ডেৰবছৰীয়া ভতিজাকৰ চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি অভিমুখে গাড়ীৰে গৈ থাকোঁতে সংঘটিত হয় কৰুণ দুৰ্ঘটনা

ডেৰবছৰীয়া ভতিজাকৰ চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি অভিমুখে গাড়ীৰে গৈ থাকোঁতে সংঘটিত হয় কৰুণ দুৰ্ঘটনা

  • Share this:
চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত একোটা পৰিয়ালৰ শিশুসহ তিনিজন সদস্য থিতাতে নিহত হয় আৰু এগৰাকী মহিলাক গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

নিহতসকল একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। তীব্ৰ বেগী ট্ৰাক আৰু আই টেন গাড়ীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। চতিয়াৰ পুৰণা চেণ্টাৰৰ তৌচিফ ৰহমান আনচাৰি আৰু ভাইবোৱাৰী আৰু ডেৰবছৰীয়া ভতিজাকৰ চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি অভিমুখে  গাড়ীৰে গৈ থকাৰ সময়তে এখন মালবাহী ট্ৰাকত প্ৰচণ্ড খুন্দা মৰাত তৌফিক ৰহমান আনচাৰি আৰু তেওঁৰ ভাই বোৱাৰী আৰু ডেৰ বছৰীয়া শিশু থিতাতে নিহত হয়।

নিহতসকলৰ ঘৰ চতিয়াৰ পুৰণি চেন্টাৰত ৷ দুৰ্ঘটনাত পতিত পৰিয়ালটো চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত আজিজুৰ ৰহমানৰ পুত্ৰ, বোৱাৰী আৰু নাতি। কৰুণ কথা যে তৌচিফ ৰহমান আনচাৰিৰ ভাই বোৱাৰী অন্তসত্ত্বা আছিল ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি