মৰ্মান্তিক! বকোত ৰে’লে মহতিয়ালে মাৰুতি ৱেগনাৰ, থিতাতে নিহত পিতৃ, মাতৃ আৰু কন্যা

News18 Assam | News18-Assam
Updated:September 20, 2020, 7:20 PM IST
মৰ্মান্তিক! বকোত ৰে’লে মহতিয়ালে মাৰুতি ৱেগনাৰ, থিতাতে নিহত পিতৃ, মাতৃ আৰু কন্যা
কামৰূপ জিলাৰ বকোত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা

কামৰূপ জিলাৰ বকোত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা

  • News18 Assam
  • Last Updated: September 20, 2020, 7:20 PM IST
  • Share this:
কামৰূপ জিলাৰ বকোত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। গুৱাহাটী-যোগিঘোপা ৰে’ল আলি পাৰ হ’বলৈ খোজোতেই ৰে’লে মহতিয়াই নিলে এখন মাৰুতি ৱেগনাৰ। ১২৩৬৯ নম্বৰৰ মালবাহী ৰে’লখন গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখে গৈ আছিল। ঘটনাত থিতাতে নিহত হয় ৱেগনাৰখনত থকা পিতৃ, মাতৃ আৰু কন্যা।

জানিব পৰা মতে, পৰিয়ালটো ছয়গাওঁ সমষ্টিৰ হাতিশোলাপাম গাঁৱৰ। বকো আগছিয়াৰ পৰা গৰৈমাৰীলৈ যোৱা পথৰ নদিয়াপাৰাৰ ৰে’লআলিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হৈছে ড° আব্দুল জলিল(৪৬), পত্নী ছানিয়াৰা পাৰবিন (৪৪), জ্যেষ্ঠ কন্যা আফৰিন চুলতানা (১২)। গুৰুতৰ ভাবে আহত হৈছে কণিষ্ঠা কন্যা জন্নত ঝোহান চুলতানা (৫)।

দক্ষিণ কামৰূপত ৰে’লৱে বিভাগে সংস্থাপন কৰা ৰে’লৱে সুৰংগসমূহৰ পয়ালগা অৱস্থাৰ বাবেই এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হয় বুলি এতিয়া অভিযোগ কৰিছে স্থানীয় ৰাইজে। ঘটনাৰ ফলত সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।
Published by: Himangshu Bhuyan
First published: September 20, 2020, 7:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading