মুখ্যপৃষ্ঠা »খবৰ »অসম »‘ভনীয়েক এদিন পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব, দুখ বোৰো পাতলিব’- ঘাতমাউৰা গৃহহীন ভাতৃ-ভগ্নীৰ জীৱন সংগ্ৰাম দেখিলে চকুপানী ওলাব আপোনাৰ

‘ভনীয়েক এদিন পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব, দুখ বোৰো পাতলিব’- ঘাতমাউৰা গৃহহীন ভাতৃ-ভগ্নীৰ জীৱন সংগ্ৰাম দেখিলে চকুপানী ওলাব আপোনাৰ

এহাল ঘাতমাউৰা ভাতৃ-ভগ্নীৰ জীৱন সংগ্ৰামৰ জীয়া ছবি

এহাল ঘাতমাউৰা ভাতৃ-ভগ্নীৰ জীৱন সংগ্ৰামৰ জীয়া ছবি

  • Share this:
সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ১ নং ৰজাপুখুৰীৰ এহাল ঘাতমাউৰা ভাতৃ-ভগ্নীৰ জীৱন সংগ্ৰামৰ জীয়া ছবি। থাকিবলৈও নাই বাসগৃহ। লোকৰ ঘৰে ঘৰে কোনো মতে নিশা কটাই দুয়োটা কণমানিয়ে। নৱম শ্ৰেণীত অধ্যয়নৰত ভগ্নী ইলোৰা কছাৰীৰ লালন পালন আৰু পঢ়া শুনাৰ জোৰা মাৰিবলৈ নিজৰ শিক্ষা জীৱন আধাতে অন্ত পেলাই ঘৰে ঘৰে দিন হাজিৰা কৰে ভাতৃ প্ৰৱাল কছাৰীয়ে।

মাত্ৰ পাঁচ বছৰ বয়সৰ পৰাই ভগ্নী ইলোৰা আৰু ৰোগীয়া পিতৃৰ চিকিত্‍সাৰ বাবে দিন ৰাতি একাকাৰ কৰি আহিছে প্ৰৱালে। আনকি পিতৃৰ চিকিত্‍সাৰ নামত বিক্ৰী কৰিছিল মাটি-বাৰী। কিন্তু আজিৰ পৰা ৬ বছৰৰ আগতে পিতৃয়েও দুয়োটা কণমানিক অকলশৰীয়া কৰি চিৰদিনৰ বাবে আঁতৰি যায়। পিতৃৰ মৃত্যুৰ পিছত এদিন জুপুৰীসদৃশ ঘৰটোও ভাঙি পৰাত গৃহহীন হৈ পৰে কণমানি দুটা।

তেতিয়াৰে পৰা দুয়ো ভাতৃ ভগ্নীয়ে বেলেগৰ ঘৰে ঘৰে থাকি চলাই গৈছে জীৱন সংগ্ৰাম। পেটৰ তাড়না আৰু ভগ্নীক পঢ়োৱাবলৈ এতিয়া দিন হাজিৰা কৰিয়েই দিন পাৰ কৰিছে প্ৰৱালে। দুচকুত সপোন ভগ্নীক পঢ়াই শুনাই এদিন ডাঙৰ মানুহ কৰিব। ইপিনে এটি চৰকাৰী আবাস গৃহৰ বাবে ৰজাপুখুৰী গাওঁ পঞ্চায়ত কাৰ্যালয়ত বহু আবেদন নিবেদন কৰিও আশ্ৰয়হীন ল’ৰা-ছোৱালী দুটাই লাভ নকৰিলে এটি বাসগৃহ।

অৱশ্যে শেহতীয়াকৈ স্থানীয় ৰাইজে দুই ভাতৃ ভগ্নীক তেওঁলোকৰ পিতৃৰ ভেটিটোতে এটা বাসগৃহ সাজি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি কাম আৰম্ভ কৰিছে। কিন্তু ইয়াৰ মাজতে এতিয়া ৬ বছৰৰ পূৰ্ৱেই গৃহহীন হৈ পৰা প্ৰৱাল ইলোৰাৰ মাতৃৰ নামত প্ৰতি মাহে আহিছে শক্তি বিভাগৰ বিদ্যুতৰ বিল।

আগষ্ট মাহত প্ৰায় ৩২ হাজাৰৰো অধিক টকাৰ বিদ্যুৎ বিল আহিছে। কিন্তু ১০ বছৰৰ পূৰ্বে মাতৃ দিপ্তী কছাৰীৰ মৃত্যুৰ পিছতে কৰ্তন কৰা হৈছিল পৰিয়ালটোৰ বিদ্যুৎ সংযোগ। বৰ্তমান ঘৰ নাথাকিলেও মৃত দিপ্তী কছাৰীৰ নামত বিদ্যুৎ বিল প্ৰেৰণ কৰা হৈছে শক্তি বিভাগৰ পৰা। বিল পৰিশোধ নকৰিলে আইনগত ব্যৱস্থা লোৱাৰ জাননীও প্ৰেৰণ কৰা হৈছে। স্থানীয় ৰাইজে এতিয়া বিষয় সন্দৰ্ভত বিদ্যুত্‍ বিভাগৰ সৈতে যোগাযোগ কৰিও লাভ কৰা নাই কোনো সুফল।

শেহতীয়া বাতৰি