• Home
  • »
  • News
  • »
  • assam
  • »
  • Tragic incident in Tinsukia: কৰুণ ঘটনা, তিনিচুকীয়াত নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিগৰাকীৰ মৃত্যু

Tragic incident in Tinsukia: কৰুণ ঘটনা, তিনিচুকীয়াত নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিগৰাকীৰ মৃত্যু

File Photo

File Photo

‍Boat accident at Tinsukia: ব্ৰহ্মপুত্ৰৰ সুঁতিত হোৱা এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতেই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

  • Share this:
তিনিচুকীয়া জিলাৰ ছৈখোৱা আৰক্ষী থানাৰ অন্তৰ্গত খেৰঘাটৰ সমীপৰ ভুৱল খালত এক নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজন লোকৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে, ধলা চাহ বাগিচাৰ উড়িয়া লাইনৰ অস্থায়ী শ্ৰমিক হিচাপে বসবাস কৰা পৰিয়ালটিৰ পতি, পত্নী আৰু সাত বছৰীয়া পুত্ৰ সন্তান তিনিওজন কালি ঘৰৰ পৰা বেংকলৈ যাওঁ বুলি ওলাই যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছিল (Tragic incident in Tinsukia)৷

পৰৱৰ্তী সময়ত  মিলন হাছদা (৩২), তেওঁৰ পত্নী ৰীতা (৩৪) আৰু পুত্ৰ ৰোহিত হাছদা (৭) ছৈখোৱাঘাট আৰক্ষী থানাৰ অন্তৰ্গত খেৰঘাটৰ অন্তৰ্গত এক পৰিত্যক্ত  ভঙা টুলুঙা নাওত উঠি পাৰ হওঁতেই দুৰ্ঘটনা সংঘটিত হয় অকাল মৃত্যুক সাবটি লোৱা বুলি জানিব পৰা গৈছে (three members of the same family died in boat accident) ।

অব্যৱহূত (ভঙা) নাওত উঠি পাৰ হ'বলৈ যাওঁতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰি SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলায়। অভিযানত তিনিওৰে মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ ব্ৰহ্মপুত্ৰৰ সুঁতিত হোৱা এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতেই  শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি