Tragic Incident: কাম কৰি থকা মূহূৰ্তত হঠাৎ মিক্সাৰ মেচিনৰ ভিতৰত সোমাই যায়। ফলত শ্ৰমিকজনে মূহৰ্তৰ ভিতৰতে মৃত্যুক আকোৱালি লয়।
Tragic Incident: কাম কৰি থকা মূহূৰ্তত হঠাৎ মিক্সাৰ মেচিনৰ ভিতৰত সোমাই যায়। ফলত শ্ৰমিকজনে মূহৰ্তৰ ভিতৰতে মৃত্যুক আকোৱালি লয়।
বৰপেটাৰোডৰ সমীপৰ বাক্সাৰ জাখলিবিল পাথাৰৰ কৃষ্ণনগৰস্থিত "মা দুৰ্গা স্মল ইণ্ডাষ্ট্ৰিজ" নামৰ পাপৰ বনোৱা ফেক্টৰীত কৰ্মৰত এগৰাকী শ্ৰমিক মেচিনৰ ভিতৰত সোমাই শোকাৱহ ভাৱে মৃত্যুক আকোঁৱালি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিহত শ্ৰমিকজনৰ নাম মাণিক বৰ্মন বুলি জানিব পৰা গৈছে ৷
বৰপেটাৰোডৰ সমীপৰ বাক্সাৰ লুৱাশুৰ গাঁৱৰ ভৰত বৰ্মনৰ পুত্ৰ মাণিক বৰ্মনে পাপৰৰ ইণ্ডাষ্ট্ৰীত কাম কৰি থকা মূহূৰ্তত হঠাৎ মিক্সাৰ মেচিনৰ ভিতৰত সোমাই যায়। ফলত শ্ৰমিকজনে মূহৰ্তৰ ভিতৰতে মৃত্যুক আকোৱালি লয়।
পাছত ঘটনাস্থলীত গোৱৰ্দ্ধনা আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ মেচিনটো কাটি যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ নিহত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|