মুখ্যপৃষ্ঠা »খবৰ »অসম »Majuli : মাজুলীত শোকাৱহ ঘটনা, ঘাটত মাছ ধৰিবলৈ গৈ সলিল সমাধি তিনিটি শিশুৰ

Majuli : মাজুলীত শোকাৱহ ঘটনা, ঘাটত মাছ ধৰিবলৈ গৈ সলিল সমাধি তিনিটি শিশুৰ

সাংকেতিক ছবি

সাংকেতিক ছবি

শিশুকেইটাৰ ঘৰ শ্ৰীলোহিত পঞ্চায়তৰ বৰদোৱাৰ গাঁৱত।

  • Share this:

মাজুলীত শোকাৱহ ঘটনা। বৰদোৱাৰ দীঘলীয়া ঘাটত মাছ ধৰিবলৈ গৈ সলিল সমাধি তিনিটি শিশুৰ। তিনিওটা শিশু দহ বছৰ তলৰ।


কৰুণভাৱে মৃত্যুমুখত পৰা শিশুকেইটা ক্ৰমে ভাইটি দলে (১০), পিংকী দলে (৯) আৰু পূৰ্ণিমা দলে (৮) বুলি জানিব পৰা গৈছে। মাছ ধৰিবলৈ গৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰা শিশুকেইটাৰ ঘৰ শ্ৰীলোহিত পঞ্চায়তৰ বৰদোৱাৰ গাঁৱত।


দুপৰীয়া দীঘলীয়া পুখুৰীত মাছ ধৰিবলৈ গৈছিল তেওঁলোক। সন্ধিয়া ঘৰলৈ উভতি নহাত বিচাৰ-খোঁচাৰ কৰাত পুখুৰীত মেটেকাৰ তলত উদ্ধাৰ হয় তিনিওৰে মৃতদেহ।

শেহতীয়া বাতৰি