মুখ্যপৃষ্ঠা »খবৰ »অসম »Dergaon : দেৰগাঁৱত কৰুণ ঘটনা, পুত্ৰৰ মৃত্যু সংবাদ লাভৰ পিছতে মাতৃৰো মৃত্যু

Dergaon : দেৰগাঁৱত কৰুণ ঘটনা, পুত্ৰৰ মৃত্যু সংবাদ লাভৰ পিছতে মাতৃৰো মৃত্যু

শোকাকুল পৰিৱেশৰ মাজেৰে দুখনকৈ চিটাত মাতৃ-পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়া

শোকাকুল পৰিৱেশৰ মাজেৰে দুখনকৈ চিটাত মাতৃ-পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়া

শোকাকুল পৰিৱেশৰ মাজেৰে দুখনকৈ চিটাত মাতৃ-পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়া

  • Share this:

দেৰগাঁৱত সংঘটিত এটা শোকাৱহ ঘটনাই সকলোকে বেদনাহত কৰিছে। এই ঘটনা দেৰগাঁও ৰজাবাহৰ গাঁৱৰ। পুত্ৰৰ মৃত্যুৰ খবৰ সহিব নোৱাৰি মৃত্যুক সাৱটিলে মাতৃয়েও।


ৰজাবাঁহৰ গাঁৱৰ ৪৮ বছৰীয়া ৰঞ্জিত বৰাৰ স্বাস্থ্য বেয়া হোৱাত যোৱানিশা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল। কিন্তু আজি পুৱতিনিশা ৰঞ্জিত বৰাৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। পুৱা আঠমান বজাত ৰঞ্জিত বৰাৰ মৃতদেহ যোৰহাটৰ পৰা ঘৰলৈ আনি থকা অৱস্থাত পুত্ৰৰ মৃত্যুৰ বতৰা পায় মাতৃয়ে।


পুত্ৰৰ মৃত্যুৰ বতৰাই ব্যথিত কৰা মাতৃয়েও কিছু সময়ৰ পিছতে কান্দি কান্দি মৃত্যুক সাৱটি লয়। এই কৰুণ ঘটনাই পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলায়। শ শ লোকৰ উপস্থিতিত শোকাকুল পৰিৱেশৰ মাজেৰে দুখনকৈ চিটাত মাতৃ-পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

শেহতীয়া বাতৰি