লাওখোৱা চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ৭নং ভগামুখত সংঘটিত হৈছে এক কৰুণ ঘটনা। পিতৃয়ে দুই সন্তানক বিহ খুৱাই নিজে আত্মহত্যা কৰাৰা চেষ্টা চলোৱা এই ঘটনাত দুই নিষ্পাপ শিশুৱে আঁকোৱালি লয় মৃত্যুক। স্বামী-স্ত্ৰীৰ মাজত দীৰ্ঘদিনীয়া বিবাদৰ ফল ভোগ কৰিবলগীয়া হয় নিষ্পাপ দুটিকৈ কন্যা শিশুৱে।
পত্নীৰে দীৰ্ঘদিনীয়া বিবাদ চলি থকাৰ বাবেই স্বামী ৰহম আলীয়ে নিজৰ দুটিকৈ কন্যা সন্তানক বিহ খুৱাই নিজে আত্মহত্যাৰ চেষ্টা চলাইছিল। ঘটনাটো পৰিয়ালৰ লোকে গম পাই অতি সংকটজনক অৱস্থাত শিশু দুটিক তেজপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও দুয়োকে বচাব পৰা নগ'ল, পিতৃৰ হাতত প্ৰাণ গ'ল ৰহিমা খাতুন (৮) আৰু ফাতেমা খাতুন (৩) নামৰ দুই শিশুৰ। আনহাতে পিতৃ ৰহম আলীক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে পৰিয়ালৰ লোকে। বৰ্তমানলৈকে ৰহম আলী অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। পলমকৈ পোহৰলৈ অহা ঘটনাটো সংঘটিত হৈছিল যোৱা দেওবাৰে। সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।