মা, মা বুলি বন্ধ কোঠাত শেষ আৰ্তনাদ দুই ভাতৃৰ, জুইয়ে শেষ কৰিলে ঈশান আৰু ইবনক

News18 Assam | News18-Assam
Updated:January 23, 2020, 3:46 PM IST
মা, মা বুলি বন্ধ কোঠাত শেষ আৰ্তনাদ দুই ভাতৃৰ, জুইয়ে শেষ কৰিলে ঈশান আৰু ইবনক
মহানগৰীৰ ৱায়াৰলেছত সংঘটিত হোৱা বিধ্বংসী আগ্নিকাণ্ডত মৃত্যু হ’ল দুটিকৈ কণমানিৰ

মহানগৰীৰ ৱায়াৰলেছত সংঘটিত হোৱা বিধ্বংসী আগ্নিকাণ্ডত মৃত্যু হ’ল দুটিকৈ কণমানিৰ

  • Share this:
আইতাকৰ চকুৰ আগতে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে ঈষান আৰু ইবনে। শ্ৰীমন্ত শংকৰদেৱ একাডেমীত পঢ়া ৫ আৰু ৭ বছৰীয়া ঈশান আৰু ইবনৰ মৃত্যুত এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে চৌদিশে।

ৱায়াৰলেছত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছিল শিশু দুটি। জুইৰ লেলিহান শিখাই সমগ্ৰ ঘৰতো আৱৰি ধৰাত কৰুণ মৃত্যুক সাৱটি লয় শিশু দুটিয়ে। BSNLৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ল’লে জুইয়ে।

তুষাৰ গোস্বামীৰ পৰিয়াল। (ফাইল ফটো)


ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত নাছিল পিতৃ–মাতৃ। আইতাকৰ সৈতে ঘৰত থকা দুয়োটা শিশুৱে সেইসময়ত ভিতৰতে খেলি আছিল। দুয়োৰে অগ্নিদগ্ধ মৃতদেহ সাৱটা–সাৱটি কৰা অৱস্থাত উদ্ধাৰ কৰা হয়।

তুষাৰ গোস্বামী আৰু পত্নী শিল্পী গোস্বামী। দুয়োৰে সন্তানদ্বয় অগ্নিদগ্ধ হৈ মৃত্যু হয়।
Published by: Himangshu Bhuyan
First published: January 23, 2020, 2:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি