• Home
  • »
  • News
  • »
  • assam
  • »
  • বগৰী গছৰ তলত আশ্ৰয় লোৱাই হ'ল কাল, বাক্সাত বজ্ৰপাতত দুই ভাতৃৰ কৰুণ মৃত্যু

বগৰী গছৰ তলত আশ্ৰয় লোৱাই হ'ল কাল, বাক্সাত বজ্ৰপাতত দুই ভাতৃৰ কৰুণ মৃত্যু

খাটৰবাৰী গাঁওৰ নিজ খেতিপথাৰত ধান কাটিবলৈ গৈছিল।

খাটৰবাৰী গাঁওৰ নিজ খেতিপথাৰত ধান কাটিবলৈ গৈছিল।

খাটৰবাৰী গাঁওৰ নিজ খেতিপথাৰত ধান কাটিবলৈ গৈছিল।

  • Share this:

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ  নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তর্গত খাটৰবাৰী গাঁওত আজি আবেলি বজ্ৰ পৰি দুই ভাতৃৰ কৰুণ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত গভীৰ  শোকৰ ছাঁ পেলাইছে। মৃত দুই ভাতৃ হৈছে খাটৰবাৰী গাঁও নিৱাসী কৰ্ণেল বড়ো (৫৫) আৰু স্বগদাৰ বড়ো (৪৪)। 


জানিব পৰা মতে, খাটাৰবাৰী গাঁও নিৱাসী প্ৰয়াত বৃষ্টি বড়োৰ দুই পুত্ৰ ক্ৰমে কৰ্ণেল বড়ো আৰু স্বগদাৰ বড়োৱে খাটৰবাৰী গাঁওৰ নিজ খেতিপথাৰত ধান কাটিবলৈ গৈছিল। আবেলি বৰষুণ দিয়াত দুই ভাতৃয়ে পথাৰৰ পৰা আহি পথৰ কাষত থকা এডাল বগৰী গছৰ তলত আশ্ৰয় লয়।


সেই সময়ত বজ্ৰ পৰি দুই ভাতৃয়ে কৰুণ মৃত্যুক সাৱটি লয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় আৰু গাঁওৰ মানুহ আহি ঘটনাস্থলীত উপস্থিত হয়। পিছত ঘটনাস্থলীত নাগ্ৰীজুলি আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷

Published by:Gautam Barman
First published: