মৰিগাঁৱত টাউনলৈ ওলাই আহোতেই ডাম্পাৰে মহতিয়াই নিলে তিনি সন্তানৰ পিতৃ–মাতৃক

News18 Assam | News18-Assam
Updated:February 13, 2020, 3:21 PM IST
মৰিগাঁৱত টাউনলৈ ওলাই আহোতেই ডাম্পাৰে মহতিয়াই নিলে তিনি সন্তানৰ পিতৃ–মাতৃক
বাইকেৰে গৈ থকাৰ সময়তে এখন দ্ৰুতবেগী ডাম্পাৰে পিছফালৰ পৰা মহতিয়াই নিয়ে স্বামী–স্ত্ৰীক।

বাইকেৰে গৈ থকাৰ সময়তে এখন দ্ৰুতবেগী ডাম্পাৰে পিছফালৰ পৰা মহতিয়াই নিয়ে স্বামী–স্ত্ৰীক।

  • Share this:
মৰিগাঁৱত ঘাতকৰূপী ডাম্পাৰে প্ৰাণ ল’লে দম্পতীৰ। মৰিগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। বাইকেৰে গৈ থকাৰ সময়তে এখন দ্ৰুতবেগী ডাম্পাৰে পিছফালৰ পৰা মহতিয়াই নিয়ে স্বামী–স্ত্ৰীক। নিহত স্বামী–স্ত্ৰীৰ নাম ত্ৰৈলোক্য ডেকা আৰু ৰুণু ডেকা। কোনো কামত মৰিগাঁও টাউনলৈ ওলাই আহিছিল স্বামী–স্ত্ৰী। টাউনৰ পৰা ঘৰলৈ ওভতাৰ পথতে মহতিয়াই নিয়ে ডাম্পাৰে। মৃত দম্পতীহালৰ আছে তিনি সন্তান।
আৰু চাওক
পৰৱৰ্তী বাতৰি