ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, বিবাহ যাত্ৰীৰ বাছ আৰু বলেৰ’ পিক–আপ ভানৰ মুখামুখি সংঘৰ্ষ, এটি শিশুসহ তিনিজন নিহত

News18 Assam | News18-Assam
Updated:February 11, 2020, 11:06 AM IST
ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, বিবাহ যাত্ৰীৰ বাছ আৰু বলেৰ’ পিক–আপ ভানৰ মুখামুখি সংঘৰ্ষ, এটি শিশুসহ তিনিজন নিহত
বিয়া শেষ কৰি কইনা ঘৰৰ পৰা উভতি যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাছখন।

বিয়া শেষ কৰি কইনা ঘৰৰ পৰা উভতি যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাছখন।

  • News18 Assam
  • Last Updated: February 11, 2020, 11:06 AM IST
  • Share this:
ধুবুৰী জিলাৰ গোলকগঞ্জত বিবাহ যাত্ৰীৰ বাছ আৰু বলেৰ’ পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত বিবাহযাত্ৰীৰ বাছখনৰ তিনিজন নিহত হয়। নিহতৰ ভিতৰত আছে প্ৰীতম কৰ নামৰ এটি ১০ বছৰীয়া শিশু। আনহাতে, আন ১৫জন যাত্ৰী আহত হয় এই দুৰ্ঘটনাত। সংকটজনক অৱস্থাত ৭জনক উন্নত চিকিৎসাৰ বাবে কোচবিহাৰলৈ প্ৰেৰণ কৰা হয়।

গোলকগঞ্জৰ বেলতলা–ৰায়পুৰত পুৱা ৭ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। ফকিৰাগ্ৰামৰ পৰা পশ্চিম বংগৰ কোচবিহাৰলৈ গৈ থকা এখন বিবাহ যাত্ৰীৰ বাছ আৰু এখন পাইপভৰ্তি বলেৰ’ পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

বিয়া শেষ কৰি কইনা ঘৰৰ পৰা উভতি যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাছখন। উল্লেখযোগ্য যে দুৰ্ঘটনাত পতিত বাছখনত নাছিল দৰা আৰু কইনা। আন এখন বাহনেৰে গৈছিল দৰা আৰু কইনা।
আৰু চাওক
পৰৱৰ্তী বাতৰি