দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটিলে প্ৰাক্তন কাৰ্য্যবাহী অভিযন্তা, কংগ্ৰেছ নেতা নিৰ্মল নুনিচাই

News18 Assam | News18-Assam
Updated:June 6, 2020, 10:54 PM IST
দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটিলে প্ৰাক্তন কাৰ্য্যবাহী অভিযন্তা, কংগ্ৰেছ নেতা নিৰ্মল নুনিচাই
শুকুৰবাৰে আমিনগাঁৱৰ এক শোকাবহ পথ দুৰ্ঘটনাত অকালতে মৃত্যু হয় সমাজ কৰ্মী নিৰ্মল নুনিছাৰ।

শুকুৰবাৰে আমিনগাঁৱৰ এক শোকাবহ পথ দুৰ্ঘটনাত অকালতে মৃত্যু হয় সমাজ কৰ্মী নিৰ্মল নুনিছাৰ।

  • Share this:
অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ প্ৰাক্তন কাৰ্য্যবাহী অভিযন্তা তথা বৰ্তমানৰ কংগ্ৰেছ নেতা নিৰ্মল নুনিচাৰ মৃত্যু। শুকুৰবাৰে আমিনগাঁৱৰ এক শোকাবহ পথ দুৰ্ঘটনাত অকালতে মৃত্যু হয় সমাজ কৰ্মী নিৰ্মল নুনিছাৰ।

গুৱাহাটীৰ পৰা চাংসাৰি অভিমুখে নিজৰ ছেণ্ট্ৰ গাড়ীৰে গৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। আমিনগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত ৰৈ থকা ট্ৰাকত খুন্দা মাৰে নুনিছাৰ বাহন খনে। ফলত চালকৰ কাষৰ আসনত থকা নিৰ্মল নুনিচা থিতাতে নিহত হয়। অৱশ্যে চালকৰ আসনত থকা পুত্ৰ ৰিংডাও নুনিচা বৰ্তমান সংকট মুক্ত বুলি জানিব পৰা গৈছে।

গড়কাপ্তানি বিভাগৰ বিষয়া পদৰ পৰা অৱসৰ পূৰ্বে অব্যাহতি লোৱা নুনিচাই বিজেপি দলত থাকোতে বিদ্যুৎ পৰিষদৰ সঞ্চালক আছিল। শেহতীয়াকৈ কা আন্দোলনৰ সময়ত নিৰ্মল নুনিচাই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিছিল। নিৰ্মল নুনিছাৰ মৃত্যুত তিনিওখন পাহাৰীয়া জিলাৰ লগতে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে। প্ৰাক্তন খেলুৱৈ নিৰ্মল নুনিচা অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ লগতো জড়িত আছিল।
First published: June 6, 2020, 10:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading