উত্তৰ গুৱাহাটীত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এগৰাকী যুৱতী সহ দুজন যুৱক

News18 Assam | News18-Assam
Updated:February 15, 2020, 11:02 AM IST
উত্তৰ গুৱাহাটীত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এগৰাকী যুৱতী সহ দুজন যুৱক
উত্তৰ গুৱাহাটীৰ জয়গুৰুত শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনিজন

উত্তৰ গুৱাহাটীৰ জয়গুৰুত শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনিজন

  • News18 Assam
  • Last Updated: February 15, 2020, 11:02 AM IST
  • Share this:
উত্তৰ গুৱাহাটীৰ জয়গুৰুত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজন। নিয়ন্ত্ৰণ হেৰুৱাই নিশা পিতনিত সোমাল চুইফট ডিজায়াৰ। পুৱতি নিশা পিতনিৰ পৰা উদ্ধাৰ কৰিলে এগৰাকী যুৱতীৰ লগতে দুজন যুৱকৰ মৃতদেহ। বৰ্তমান উত্তৰ গুৱাহাটী আৰক্ষী থানাত আছে মৃতদেহ কেইটা।  নিহত এজনক তপন শৰ্মা আৰু যুৱতীগৰাকীক মধুস্মিতা শৰ্মা বুলি চিনাক্ত। তাৰে তপন শৰ্মাৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে। বৰ্তমানো উদ্ধাৰ হোৱা নাই এজন লোকৰ পৰিচয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি