মায়দিয়াত ৩০০ ফুট তলত বাগৰি পৰিল ডিব্ৰুগড়ৰ এটা পৰিয়ালৰ বাহন

News18 Assam | News18-Assam
Updated:February 10, 2020, 4:04 PM IST
মায়দিয়াত ৩০০ ফুট তলত বাগৰি পৰিল ডিব্ৰুগড়ৰ এটা পৰিয়ালৰ বাহন
অৰুণাচলৰ মায়দিয়াত ভয়ংকৰ দুৰ্ঘটনা

অৰুণাচলৰ মায়দিয়াত ভয়ংকৰ দুৰ্ঘটনা

  • Share this:
অৰুণাচলৰ মায়দিয়াত ভয়ংকৰ দুৰ্ঘটনা। মায়দিয়াত প্ৰায় ৩০০ ফুট তলত বাগৰি পৰিল এখন বাহন। সোমবাৰে ডিব্ৰুগড়ৰ পৰা মায়দিয়া অভিমুখে গৈছিল এটা পৰিয়াল। কিন্তু যাত্ৰাকালত পৰিয়ালটোৱে লৈ যোৱা I10 বাহনখন দুৰ্ঘটনাত পতিত হৈ ৩০০ ফুট তলত বাগৰি পৰে। দুৰ্ঘটনাত আহত হৈছে মহিলাসহ তিনিজন লোক।

সোমবাৰে পুৱা ডিব্ৰুগড়ৰ মিৰ্জাবাগত থকা নিজা বাসগৃহৰ পৰা মায়দিয়ালৈ গৈছিল পৰিয়ালটো। দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হৈছে  মৌলানা জিল্লুৰ ৰহমানৰ লগতে পত্নী আতিফা আজহাৰ চোলতানা আৰু  সৰুপুত্ৰ মিৰ্জা মাহমুদুৰ ৰহমান। জানিব পৰা মতে, কাজি জিল্লুৰ ৰহমান বেগৰ অৱস্থা সংকটজনক।
আৰু চাওক
পৰৱৰ্তী বাতৰি