মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Tragic Accident : ৰাজ্যত আন এক মৰ্মান্তিক দুৰ্ঘটনা, এম্বুলেন্স আৰু টেম্পোৰ মুখামুখী সংঘৰ্ষত ৫ জনৰ কৰুণ মৃত্যু!

Tragic Accident : ৰাজ্যত আন এক মৰ্মান্তিক দুৰ্ঘটনা, এম্বুলেন্স আৰু টেম্পোৰ মুখামুখী সংঘৰ্ষত ৫ জনৰ কৰুণ মৃত্যু!

News18 Assam | News18-Assam
Updated:September 11, 2021, 1:57 PM IST
Tragic Accident : ৰাজ্যত আন এক মৰ্মান্তিক দুৰ্ঘটনা, এম্বুলেন্স আৰু টেম্পোৰ মুখামুখী সংঘৰ্ষত ৫ জনৰ কৰুণ মৃত্যু!
Tragic Accident : বাইহাটাত সংঘটিত দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আঁকোৱালি লয় বিমলা বড়ো, বিলেশ্বৰী বড়ো, ববীতা বড়ো, তুফান বড়ো আৰু উত্তম ৰাজবংশী

Tragic Accident : বাইহাটাত সংঘটিত দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আঁকোৱালি লয় বিমলা বড়ো, বিলেশ্বৰী বড়ো, ববীতা বড়ো, তুফান বড়ো আৰু উত্তম ৰাজবংশী

  • News18 Assam
  • Last Updated: September 11, 2021, 1:57 PM IST
  • Share this:
নিমাতীঘাটৰ নাও দুৰ্ঘটনা (Nimatighat Boat Tragedy)ৰ চাঞ্চল্য মাৰ নাযাওতেই আন এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। এইবাৰ এম্বুলেঞ্চ (Ambulance) আৰু টেম্পোৰ মাজত সংঘটিত ভয়াৱহ দুৰ্ঘটনাত থিতাতে নিহত হয় তিনি গৰাকী মহিলাসহ ৫জন লোক।

বাইহাটা চাৰিআলি (Baihata Chariali)ৰ বিহদিয়াত যোৱা নিশা সংঘটিত হৈছিল এম্বুলেঞ্চ আৰু যাত্ৰীবাহী টেম্পোৰ মাজত মুখামুখী সংঘৰ্ষ। দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আঁকোৱালি লয় বিমলা বড়ো, বিলেশ্বৰী বড়ো, ববীতা বড়ো, তুফান বড়ো আৰু উত্তম ৰাজবংশী নামৰ লোককেইজন।

ইয়াৰে বিমলা বড়ো আৰু বিলেশ্বৰী বড়ো ঘটনাস্থলীতে নিহত হয় আৰু উন্নত চিকিৎসাৰ বাবে তুফান বড়ো, ববীতা বড়ো আৰু উত্তম ৰাজবংশীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় (GMCH)লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত তেওঁলোকৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।
Published by: Manjumoni Borah
First published: September 11, 2021, 1:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি