মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam HSLC Result: মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছতে মালিগাঁৱত শোকাৱহ ঘটনা

Assam HSLC Result: মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছতে মালিগাঁৱত শোকাৱহ ঘটনা

News18 Assam | News18-Assam
Updated:July 30, 2021, 9:28 PM IST
Assam HSLC Result: মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছতে মালিগাঁৱত শোকাৱহ ঘটনা
পৰীক্ষাৰ্থীগৰাকী হ'ল মালিগাঁও অফিচাৰ কলনীৰ কালী সমীপৰ হিমাংশু শৰ্মা।

পৰীক্ষাৰ্থীগৰাকী হ'ল মালিগাঁও অফিচাৰ কলনীৰ কালী সমীপৰ হিমাংশু শৰ্মা।

  • Share this:

মেট্ৰিকৰ ফলাফল ঘোষণাৰ দিনাই মালিগাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, এজন মেট্ৰিকত অৱতীৰ্ণ পৰীক্ষাৰ্থী নিজৰ ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়। পৰীক্ষাৰ্থীগৰাকী হ'ল মালিগাঁও অফিচাৰ কলনীৰ কালী সমীপৰ হিমাংশু শৰ্মা আৰু তেওঁ মালিগাঁৱৰ তৰুণৰাম ফুকন হিন্দী হাইস্কুলৰ ছাত্ৰ আছিল।


হিমাংশুক তেওঁৰ কেইজনমান বন্ধুৱে নিজ ঘৰতে চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে। ছাত্ৰজনৰ মাতৃয়ে আনৰ ঘৰত কাম কৰা হেতুকে তেওঁ সেইসময়ত ঘৰত উপস্থিত নথকা বাবে এই ঘটনা প্ৰত্যক্ষ কৰি বন্ধুকেইজনে।



উল্লেখ্য যে আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত অনুত্তীৰ্ণ হৈছিল হিমাংশু। ফলাফল বেয়া হোৱাৰ বাবেই এনে পন্থা অৱলম্বন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ইফালে, এই ঘটনাৰ খবৰ পোৱাৰ পাছতেই উক্ত ঠাইত উপস্থিত হয় মালিগাঁও আৰক্ষী চকীৰ এটা দল। আৰক্ষীৰ দলটোৱে মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

Published by: Gautam Barman
First published: July 30, 2021, 9:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি