যানবাহন আইন উলংঘাকাৰীক নাকি লগাবৰ বাবে গুৱাহাটীত বিগত সপ্তাহৰ মংগলবাৰে অৰ্থাৎ ২৩ আগষ্টত মূখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিছিল অত্যাধুনিক ট্ৰেফিক চিগনেল পইন্টৰ।
প্ৰথম অৱস্থাত মহানগৰীৰ ২০টাকৈ স্থানত আৰম্ভ কৰা এই অত্যাধুনিক ট্ৰেফিক চিগনেল পইন্টত সংযোজন কৰা হৈছিল চিচিটিভি কেমেৰা ৷ উলুবাৰীত নিয়ন্ত্ৰন কক্ষ বৃদ্ধি কৰি গুৱাহাটী বাসীৰ বাবে মুকলি কৰা এই ট্ৰেফিক চিগনেলৰ আইন ভংগ কৰিলেই জৰিমনা বিহাৰ ব্যৱস্থা কৰিছিল কামৰূপ মহানগৰ প্ৰশাসনে ৷ আশা কৰা হৈছিল যে এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ পাছত গুৱাহাটীত কিছু পৰিমানে হ’লেও নাকি লগাব পাৰিব যান বাহন আইন উলংঘাকাৰীক ৷
কিন্তু পূৰ্বৰ দৰে এতিয়াও নিশা মহানগৰৰ ৰাজপথত অব্যাহত থাকিল ডাম্পাৰৰ দৌৰাত্ম্য৷ আৰক্ষী কিম্বা পৰিবহন বিভাগৰ চকুত নপৰা এই ডাম্পাৰে সোমবাৰে নিশা এনেদৰে ছয়মাইলৰ পৰা VIP সংলগ্ন পথত নতুনকৈ স্থাপন কৰা অত্যাধুনিক ট্ৰেফিক চিগনেল ভাঙি মুহূত্বৰ ভিতৰতে পলাই পত্ৰং দিলে ৷ পিছে অত্যাধুনিক ট্ৰেফিক চিগনেলত বঢ়োৱা এই CCTV কেমেৰাতে বন্দী হৈ ৰ’ল ডাম্পাৰে নিশা ট্ৰেফিক চিগনেল ভাঙি পেলোৱা দৃশ্য ৷
ভূল দিশৰ পৰা অহা ডাম্পাৰখনে ট্ৰেফিক চিগনেলটো ভাঙি পেলোৱাৰ বাবে বাহনখনৰ নম্বৰ এই পৰ্যন্ত ট্ৰেক কৰিব পৰা নাই আৰক্ষীয়ে ৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 30, 2022, 20:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।