সোমবাৰৰ দিনটোত ব্যাপক যানজঁটে জ্বলা-কলা খুৱালে নগাঁওবাসীক। সমাগত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুশীলনত যানবাহন আৰক্ষীৰ জোৱানসকল ব্যস্ত থকাৰ পৰিপ্ৰেক্ষিততে নগাঁও চহৰৰ নতুন বজাৰকে ধৰি বহু ট্ৰেফিক পইণ্টত যানবাহন আৰক্ষীৰ জোৱানে কৰ্তব্য পালন কৰিব নোৱাৰিলে।
ফলশ্ৰুতিত দিনৰ ১২বজালৈকে ব্যাপক যানজঁটত বন্দী হ'ল চহৰখনৰ সাধাৰণ জনতা। বহুসময় ধৰি আবদ্ধ হৈ থাকিব লগা হ'ল এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনো।
অৱশ্যে পৰৱৰ্তী সময়ত নগাঁও আৰক্ষী অধীক্ষকে এই বিষয়ে অৱগত হোৱাৰ পিছত ততাতৈয়াকৈ যানবাহন আৰক্ষীৰ জোৱানৰ সহায়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কিন্তু পুৱাৰ পৰা দিনৰ প্ৰায় ১বজালৈকে যানবাহন আৰক্ষীৰ অভাৱত চহৰখনত সৃষ্টি হোৱা ব্যাপক যানজঁটে সাধাৰণ জনতাক ব্যাপক হাৰাশাস্তি কৰা পৰিলক্ষিত হ'ল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|